/asomiyapratidin/media/media_files/2025/09/12/320-2025-09-12-20-12-25.jpg)
ডিজিটেল সংবাদ, গহপুৰ : "অসমীয়া জাতিৰ বিসৰ্জন নাই, আবাহনহে আছে। জনগোষ্ঠীয় এলেকাৰ কাষতে থাকি আমি জনগোষ্ঠীয় ভাষা নাজানো, আমি এক, আমাৰ সত্ত্বা এক; সেয়ে আমি ইজনে সিজনৰ ভাষা শিকিব লাগিব, নিমজ্জিত হ'ব লাগিব।“
ঐক্য, শান্তি আৰু সমন্বয়ৰ সংকল্পৰে অসম সাহিত্য সভাই বিশ্বনাথ জিলাৰ গহপুৰৰ পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা জনগোষ্ঠীয় সমন্বয় সন্মিলনত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে এইদৰে কয়। ভাষণ প্ৰসংগত তেওঁ লগতে কয়— "মৈত্ৰী অৰ্থ হৈছে দেহ দুটা, মন এটা । অসমখন থান-বান হৈছে ৰাজনীতিকৰ বাবে, কিন্তু আমি সমন্বয়ৰ মাজেৰে একগোট হৈ থাকিবই লাগিব।"
তেওঁ অসমৰ সাম্প্ৰতিক ব্যৱস্থাৰ অৱসান হোৱাৰ দায়িত্ব চৰকাৰে লওক, সমাজখন বিধ্বস্ত কৰাৰ অপশক্তি নাশ কৰক। অসম সাহিত্য সভাক কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব, জাতীয় অনুষ্ঠান কৰিয়েই ৰখা দায়িত্ব আমাৰ। ভাষণত তেওঁ সন্তানসকলক অতিথিৰ দৰে ব্যৱহাৰ কৰাতকৈ অভিভাৱকসকলক তেওঁলোকক পৰিয়ালৰ সদস্যলৈ ৰূপান্তৰ কৰিবলৈও আহ্বান জনায়।
অসম সাহিত্য সভাৰ স্বজাতীয় মৈত্রীবন্ধন উপসমিতিৰ উদ্যোগত বিশ্বনাথ জিলা সাহিত্য সভাৰ সহযোগত আৰু খাৰৈপৰীয়া স্বৰ্ণ সাহিত্য সমাজৰ আতিথ্যত দুদিনীয়া কাৰ্যসূচীৰে ১১ আৰু ১২ ছেপ্টেম্বৰত অনুষ্ঠিত জনগোষ্ঠীয় সমন্বয় সম্মিলনৰ দ্বিতীয় দিনা অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সন্মিলনত অনুষ্ঠান আয়োজনৰ মুখ্য কথকতা কৰি অসম সাহিত্য সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাই কয়—" অসমৰ প্ৰতিটো থলুৱা জনগোষ্ঠীক অসম সাহিত্য সভাৰ মজিয়াত মৰ্যাদা প্ৰদান কৰা হ’ব।
এই মৰ্যাদাই জাতি জনগোষ্ঠীসমূহৰ মাজত এটা সমন্বিত ৰূপ পৰিগ্ৰহ কৰিব। এই ৰূপটোৱেই হ’ব অসমীয়া জাতিৰ সমন্বিত ৰূপ। এই ৰূপ নিৰ্মাণৰ বাবে অসম সাহিত্য সভাই অহোৰাত্ৰ অৰঙে দৰঙে জনগোষ্ঠীসমূহৰ মাজত সমন্বয় সংসাধনৰ বাবে কাম কৰি আছে।"
স্বজাতীয় মৈত্ৰীবন্ধন উপসমিতিৰ কাৰ্যকৰী সভাপতি বিপুল শৰ্মা বৰুৱাই আদৰণী ভাষণ আগবঢ়োৱা সভাখনত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে সভাৰ উপসভাপতি পদুম ৰাজখোৱাই। তেওঁ কয়—অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি । ইয়াৰ প্ৰত্যেকটো জাতি-জনগোষ্ঠীৰ বিকাশ-সমৃদ্ধি হ'ব লাগিব । ভাৰত চৰকাৰ আৰু অসম চৰকাৰে প্ৰতিটো জাতি-জনগোষ্ঠীৰ বিকাশ-সমৃদ্ধিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।
চৰকাৰ যদি এখন দেশৰ বা ৰাজ্যৰ অভিভাৱক হয় , তেন্তে প্ৰজাসমূহ হ'ব তেওঁলোকৰ সন্তানসদৃশ । এই সন্মানসমূহৰ মনৰ বেদনা বুজিবলৈ চেষ্টা কৰিব লাগিব চৰকাৰে । জনগোষ্ঠীসমূহৰ মনৰ বেদনা বুজিবলৈ যত্ন কৰিব লাগিব । ৰাষ্ট্ৰই দিয়া সুবিধাসমূহ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে পাব লাগিব ৷ ভাষণত উল্লেখ কৰি ৰাজখোৱাই মৰাণ-মটক, কোচ-ৰাজবংশী আদি জনগোষ্ঠীসমূহকো জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনায়।
স্বজাতীয় মৈত্ৰীবন্ধন উপসমিতিৰ আহ্বায়ক ৰমেন ভৰালী আৰু আদৰণী সমিতিৰ সম্পাদক দীপক হাজৰিকাই যুটীয়াভাৱে আঁত ধৰা সভাখনত আমন্ত্ৰিত অতিথিবৃন্দ ক্ৰমে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মা, সদৌ অসম নেপালী সাহিত্য সভাৰ সভাপতি ড° চিন্তামণি শর্মা, মিচিং আগম কেবাঙৰ সচিব সোমেশ্বৰ কপ্তাক, মিচিং কেন্দ্রীয় সাংস্কৃতিক সভাৰ উপসভাপতি ভৰত মিলি, চাহ জনজাতি ছাত্র সন্থাৰ সম্পাদক নিলোৎপল ৰবি দাস, অসম সাহিত্য সভাৰ কর্ণধাৰ সমিতিৰ সদস্য ধীৰেন শর্মা, অনুবাদ প্রকল্পৰ সঞ্চালক হৃদয়ানন্দ গগৈ, সাংগঠনিক সম্পাদক দুলাল নাথ, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, আকাশ উপসমিতিৰ আহ্বায়ক মানসী শইকীয়া, লক্ষীমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সঞ্জীৱ বৰা, লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সম্পাদক প্ৰবীণ হাজৰিকা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উমানন্দ বৰুৱা, উপেন হাজৰিকা, গুণ ভূঞা, বিশ্বনাথ জিলা সাহিত্য সভাৰ সম্পাদক শোভন শইকীয়া, সদৌ অসম ছাত্র সন্থাৰ কেন্দ্রীয় প্রচাৰ সম্পাদক ধ্রুৱজ্যোতি বৰা, অসম সাহিত্য সভাৰ বিত্ত উপসিমিতিৰ উপসভাপতি বংকিম বৰুৱা, বিশ্বনাথ জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি বিপুল কুমাৰ দিহিঙীয়া, কেন্দ্রীয় চাহ জনগোষ্ঠীয় জলাহ সাহিত্য সভাৰ সভাপতি মঃ গোলাম ৰচুল আলী, অসম সাহিত্য সভাৰ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান উপসমিতিৰ উপসভাপতি তৰুণ বৰুৱা, লুম্বেদাই গবেষণা উপসমিতিৰ কার্যকৰী সভাপতি অপূর্ব ফুকন, নাট্য সাহিত্য উপসমিতি উপসভাপতি দিলীপ কুমাৰ শৰ্মা, খাৰৈপৰীয়া স্বৰ্ণ সাহিত্য সমাজৰ সম্পাদক যজ্ঞেশ্বৰ হাজৰিকা, মাজুলীৰ উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি অনুপ্ৰভা দেৱী, ডিব্ৰুগড় জিলাৰ সহকাৰী আয়ুক্ত ত্ৰিসিদ্ধ নাথ প্ৰমুখ্যে বহু সংখ্যক বিষয়ববীয়া আৰু সহস্ৰাধিক সাহিত্যপ্ৰেমীৰ উপস্থিতিত দিহানাম, মিচিং, চাহ জনজাতি, বড়ো, নেপালী জনগোষ্ঠীৰ লোক নৃত্যই সকলোকে আপ্লুত কৰে।
খাৰৈপৰীয়া স্বৰ্ণ সাহিত্য সমাজে উক্ত অনুষ্ঠানত তিনিজন বিশিষ্ট ব্যক্তিক 'খাৰৈ সৌৰভ বঁটা' প্রদান কৰে। ইফালে, পুৱা ৮-৩০ বজাত অসম সাহিত্য সভাৰ লগতে জনগোষ্ঠীয় সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ক্ৰমে বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্র গগৈ, বিশ্বনাথ জিলা নেপালী সাহিত্য সভাৰ সভাপতি লিলা তিমচিনা, মিচিং আগম কেবাঙৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য যতীন পেগু, বিশ্বনাথ জিলা কার্বি সাহিত্য সভাৰ সভাপতি সুৰেন ফাংচোৱে।
৯ বজাত স্মৃতি তর্পণ কৰে খাৰৈপৰীয়া স্বর্ণ সাহিত্য সমাজৰ সভাপতি দেবেনচন্দ্র পাঠক আৰু ৯-৩০ বজাত গছপুলি ৰোপণ কৰে বিশ্বনাথ জিলা সাহিত্য সভা প্রাক্তন কার্যনির্বাহক সদস্য ড° নীলমণি শইকীয়াই । ১০ বজাত খাৰৈপৰীয়া কলা নিকেতনৰ পৰিচালনাত অনুষ্ঠিত চিত্রাংকন প্রতিযোগিতাৰ উদ্বোধন কৰে খাৰৈপৰীয়া কলা নিকেতনৰ সভাপতি অনিল বৰাই ।
পুৱা ১১-৩০ বজাত জনগোষ্ঠীয় সমন্বয় সম্মিলনৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে প্রজ্বলকদ্বয় ক্ৰমে খাৰৈপৰীয়া স্বর্ণ সাহিত্য সমাজৰ প্রাক্তন সভাপতি ঘনকান্ত কাকতি আৰু খাৰৈপৰীয়াৰ প্রবীন শিল্পী মুহিকান্ত বৰুৱাই। ইফালে সন্মিলনৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰে পুৱা ৯ বজাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতিত শ্রদ্ধার্ঘ অনুষ্ঠানৰ পিছতে ৯-৩০ বজাত পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কমল বৰাৰ উদ্বোধনত ভূপেন্দ্র সংগীত আৰু ভূপেন্দ্র সংগীতত নৃত্য প্রতিযোগিতা সম্পন্ন হয়।