কমনৱেলথ গেমছত চমকপ্ৰদক পদৰ্শন ভাৰতৰ, ১২ লৈ বৃদ্ধি স্বৰ্ণ পদকৰ সংখ্যা….

কমনৱেলথ গেমছত চমকপ্ৰদক পদৰ্শন ভাৰতৰ, ১২ লৈ বৃদ্ধি স্বৰ্ণ পদকৰ সংখ্যা….

author-image
asomiyapratidin
New Update
কমনৱেলথ গেমছত চমকপ্ৰদক পদৰ্শন ভাৰতৰ, ১২ লৈ বৃদ্ধি স্বৰ্ণ পদকৰ সংখ্যা….

ডিজিটেল ডেস্কঃ বাৰ্মিংহামত চলি থকা কমনৱেলথ গেমছৰ নৱম দিনাটোত ভাৰতে লাভ কৰা পদকৰ সংখ্যা বৃদ্ধি । ১০ হাজাৰটা খোজ কাঢ়ি প্ৰিয়ংকা গোস্বামীয়ে লাভ কৰিছে ৰূপৰ পদক। সমান্তৰালকৈ এথলেটিকছত অবিনাশ মুকুন্দে ৩০০০ মিটাৰ ষ্টিপলেচ শাখাত লাভ কৰিছে ৰূপৰ পদক। লন বলত ভাৰতীয় পুৰুষ দলটোৱে সোণৰ পদকৰ যুঁজত ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ হাতত ৫-১৮ ৰ ব্যৱধানত পৰাজিত হয় যদিও ভাৰতে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

Advertisment

একে সময়তে, বক্সাৰসকলেও ভাৰতলৈ কঢ়িয়াইছে ইটোৰ পাছত সিটো পদক। পুৰুষৰ ফ্লাইৱেটত অমিত পাংঘাল আৰু মহিলাৰ নূন্যতম ওজনৰ নীতু ঘাংগাছে ফাইনেলত প্ৰৱেশ কৰিছে। তাৰকা বক্সাৰ নিখাত জাৰিনেও ৫০ কিলোগ্ৰাম শাখাত ইংলেণ্ডৰ চাওহানাহ আলিফা ষ্টুবলীক ৫-০ গ'লত পৰাস্ত কৰি ফাইনেললৈ প্ৰৱেশ কৰিছে।

মহিলা শাখাত জেচমিনে ৬০ কিলোগ্ৰাম ওজনৰ শ্ৰেণীত ইংলেণ্ডৰ পেগি ৰিচাৰ্ডছনৰ হাতত শেহতীয়া খেল খনত ২-৩ ব্যৱধানত হৈ পৰাস্ত হ'ব লগা হ'ল যদিও তেওঁ জয় কৰিবলৈ সক্ষম হৈছে ব্ৰঞ্জৰ পদক।
একে সময়তে মহিলা ক্ৰিকেট দলে ছেমি ফাইনেলত ইংলেণ্ডক ৪ ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰি ৰূপৰ পদক নিশ্চিত কৰিছে।

মল্লযুজাৰুৰ মহিলা শাখাত পূজা সিঙে ৭৬ কিলোগ্ৰাম ওজন শাখাত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে, আনহাতে পুৰুষ শাখাত নবীন কুমাৰেও ৭৪ কিলোগ্ৰাম ওজন শ্ৰেণীত ইংলেণ্ডৰ চাৰ্লি বলিংক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে ৰবি দাহিয়াই ৫৭ কিলোগ্ৰাম শাখাত পাকিস্তানী মল্লযোদ্ধাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে।

ইফালে টেবুল টেনিছত, অচন্ত শৰৎ কমল আৰু সাথিয়া গণনা শেখৰণে তেওঁলোকৰ নিজ নিজ একক মেচ জিকি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। শৰতে ছিংগাপুৰৰ য়ং ইজাক কোৱাক ৪-০ গ'লত পৰাস্ত কৰিছে আৰু এই পৰ্যন্ত বাৰ্মিংহামত চলি থকা কমনৱেলথ গেমছত ভাৰতে লাভ কৰা পদকৰ সংখ্যা বৃদ্ধি হৈছে ৩০ লৈ।