দেশজুৰি বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম

আই অ’ চি এলৰ তথ্য অনুসৰি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। ২০২৩ চনৰ নৱেম্বৰৰ পাছত প্ৰথমবাৰৰ বাবে ১০০ টকাতকৈ অধিক বৃদ্ধি, আৰু ২০২৩ চনৰ অক্টোবৰৰ পাছত এইটোৱেই হৈছে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য সৰ্বাধিক বৃদ্ধি। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-01 at 1.20.19 PM

ডিজিটেল ডেস্কঃ আজি নৱবৰ্ষৰ প্ৰথমটো দিন। এই প্ৰথমটো দিনতে আহিছে দাম বৃদ্ধিৰ খবৰ। দেশজুৰি বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ দাম। আই অ’ চি এলৰ তথ্য অনুসৰি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। ২০২৩ চনৰ নৱেম্বৰৰ পাছত প্ৰথমবাৰৰ বাবে ১০০ টকাতকৈ অধিক বৃদ্ধি, আৰু ২০২৩ চনৰ অক্টোবৰৰ পাছত এইটোৱেই হৈছে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য সৰ্বাধিক বৃদ্ধি। 

image (55)

উল্লেখ্য যে,  দিল্লী, কলকাতা, আৰু মুম্বাইত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১১১ টকা বৃদ্ধি পাইছে। ইয়াৰ পাছতে আন তিনিখন মহানগৰত এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ক্ৰমে ১,৬৯১.৫০ টকা, ১,৭৯৫ টকা আৰু ১,৬৪২.৫০ টকালৈ বৃদ্ধি পাইছে। চেন্নাইত এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১,৮৪৯.৫০ টকা হৈছে। একেদৰে গুৱাহাটীত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১১১ টকা বৃদ্ধি পায় ১,৮৮৬,৫০ টকা হৈছে।

image (56)

বাণিজ্যিক