বাণিজ্য মন্ত্ৰালয়ৰ তথ্য : ২০২৪-২৫ বৰ্ষত ভাৰতৰ ৰপ্তানি ৮২০ বিলিয়ন ডলাৰ অতিক্ৰম

দেশৰ উদ্যোগ আৰু বাণিজ্যখণ্ডৰ বাবে সুখবৰ। বিশ্বৰ অৰ্থনৈতিক অনিশ্চয়তাৰ মাজতো ভাৰতৰ সামগ্ৰী আৰু সেৱাৰ ৰপ্তানি ২০২৪-২৫ বৰ্ষত ৮২০ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিছে...

author-image
Asomiya Pratidin
New Update
ভাৰতৰ ৰপ্তানি ৮২০ বিলিয়ন ডলাৰ অতিক্ৰম

ডিজিটেল ডেস্ক : দেশৰ উদ্যোগ আৰু বাণিজ্যখণ্ডৰ বাবে সুখবৰ।বিশ্বৰ অৰ্থনৈতিক অনিশ্চয়তাৰ মাজতো ভাৰতৰ সামগ্ৰী আৰু সেৱাৰ ৰপ্তানি ২০২৪-২৫ বৰ্ষত ৮২০ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিছে। ইয়াৰ ফলত বিগত বিত্তীয় বৰ্ষৰ তুলনাত ৰপ্তানিৰ হাৰ প্ৰায় ৬ শতাংশ বৃদ্ধি পাইছে বুলি বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে, ২০২৩-২৪ বৰ্ষত ৰপ্তানিৰ পৰিমাণ আছিল ৭৭৮ বিলিয়ন মাৰ্কিন ডলাৰ। স্বাভাৱিকতে এই উত্থানে ভাৰতৰ বাণিজ্যিকখণ্ডলৈ আশাৰ ৰেঙণি কঢ়িয়াই অনা বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। 

ইতিমধ্যে এই উত্থানৰ দিশলৈ লক্ষ্য কৰি বাণিজ্য মন্ত্ৰালয়ে উদ্যোগ মন্ত্ৰী পীযুষ গোৱালৰ উপস্থিতিত এক বৈঠক আহ্বান কৰে। বৈঠকত সাম্প্ৰতিক পৰিস্থিতিৰ পৰা উদ্ভৱ হোৱা সুযোগসমূহৰ বিষয়ে আলোচনা কৰে।

একেদৰে উক্ত বৈঠকত মন্ত্ৰালয়ে ৰপ্তানি সন্দৰ্ভত কেতবোৰ আলোচনা কৰে। তাৰোপৰি অনাগত দিনত ৰপ্তানিৰ হাৰ আৰু বৃদ্ধি কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে।

ৰপ্তানি