প্লাষ্টিকৰ সদ ব্যৱহাৰঃ অক্ষৰ ফাউণ্ডেশ্যনৰ প্ৰশংসনীয় পদক্ষেপ...

প্লাষ্টিকৰ সদ ব্যৱহাৰঃ অক্ষৰ ফাউণ্ডেশ্যনৰ প্ৰশংসনীয় পদক্ষেপ...

author-image
Asomiya Pratidin
New Update
প্লাষ্টিকৰ সদ ব্যৱহাৰঃ  অক্ষৰ ফাউণ্ডেশ্যনৰ প্ৰশংসনীয় পদক্ষেপ...

ডিজিটেল ডেস্কঃ প্লাষ্টিক প্ৰদূষণ বৰ্তমান সময়ৰ অন্যতম উল্লেখযোগ্য প্ৰত্যাহ্বান হৈ পৰিছে, যিয়ে পৰিৱেশ তন্ত্ৰ, মানৱ স্বাস্থ্য আৰু গ্ৰহটোৰ সামগ্ৰিক মংগলৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। এই বিষয়টোৰ জৰুৰীতাক আমি স্বীকাৰ কৰি বহনক্ষম সমাধান বিচাৰিবলৈ সামূহিকভাৱে কাম কৰাৰ সময় আহি পৰিছে।

Advertisment

বহুমুখী আৰু সুবিধাজনক সামগ্ৰী প্লাষ্টিকে আমাৰ জীৱনৰ প্ৰায় প্ৰতিটো দিশতে বিয়পি পৰিছে। পেকেজিঙৰ পৰা নিৰ্মাণ, স্বাস্থ্যসেৱাৰ পৰা পৰিবহণলৈকে ই এক অপৰিহাৰ্য ভূমিকা পালন কৰে।কিন্তু ইয়াৰ স্থায়িত্ব আৰু অৱক্ষয়ৰ প্ৰতিৰোধ ক্ষমতাই ইয়াক পৰিৱেশৰ বাবে এক ভাবুকি কৰি তোলে। প্ৰতি বছৰে ৩০ কোটি টনতকৈ অধিক প্লাষ্টিকৰ আৱৰ্জনা উৎপন্ন হয়

প্লাষ্টিকে পৰিৱেশৰ প্ৰতি কঢ়িয়াই অনা ভাবুকি উপলব্ধি কৰিয়েই প্লাষ্টিকৰ পুনৰ ব্যৱহাৰৰ নিৰ্দশন দাঙি ধৰিলে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস প্ৰাথমিক বিদ্যালয়ে।২১ ছেপ্তেম্বৰ শনিবাৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে অক্ষৰ ফাউণ্ডেশ্বনৰ উদ্যোগত প্লাষ্টিক সংগ্ৰহ কৰে।

সংগৃহীত প্লাষ্টিকেৰে ছাত্ৰ-ছাত্ৰী সকলে নিজ হাতেৰে প্ৰস্তুত কৰে পেলনীয়া প্লাষ্টিকৰ পৰা প্ৰস্তুত কৰা ইক' বিক্স।এই ইক' বিক্স সমূহ লোকনায়ক অমিয় কুমাৰ দাস প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে গছৰ ছাঁত জিৰণি লব পৰাকৈ এই বিশেষ জিৰণি ঠাই প্ৰস্তুত কৰা হয়।

ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰিৱেশ সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰেই এই কাৰ্যসূচী গ্ৰহণ কৰে অক্ষৰ ফাউণ্ডেশ্যনে।আশা কৰা হৈছে এই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশৰ প্ৰতি প্লাষ্টিকে অনা ভাবুকি আৰু প্লাষ্টিক ৰ পুনৰ ব্যৱহাৰৰ কেনেদৰে কৰিব পাৰি সেই বিষয়ে জ্ঞান লাব কৰিব।

অক্ষৰ ফাউণ্ডেশ্যন