/asomiyapratidin/media/media_files/2025/12/26/526-2025-12-26-21-15-08.jpg)
ডিজিটেল ডেস্ক : অসমৰ পৰিৱেশ তথা পৰিস্থিতিক বিশ্ববাসীক জনোৱাৰ প্ৰয়াসেৰে ইংৰাজী সাহিত্যত সংযোজন ঘটিল আৰু এখন উপন্যাসৰ। এই উপন্যাসখন ৰচনা কৰিছে অসমৰে এগৰাকী উদীয়মান লেখিকা চেহনাব শ্বাহিনে।
বিভিন্ন লেখা-মেলাৰ উপৰি সামাজিক কাম- কাজৰ লগত জড়িত থাকি ভালপোৱা চেহনাবে পোন প্ৰথমবাৰৰ বাবে লিখিছে এখনি ইংৰাজী উপন্যাস। উপন্যাসখনৰ নাম হৈছে ‘কালাৰ মাই গ্ৰেভ পাৰ্পল’।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/26/whatsapp-imag-2025-12-26-21-19-55.jpeg)
শুকুৰবাৰে এটি সুন্দৰ সন্ধিয়া তথা ব্যতিক্ৰমী পৰিৱেশত নৱতম উপন্যাস ‘কালাৰ মাই গ্ৰেভ পাৰ্পল’ উন্মোচন কৰা হয়। বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী ব্যক্তিৰ লগতে লেখিকাৰ শুভাকাংখীৰ উপস্থিতিত উপন্যাসখনি উন্মোচন কৰা হয়।
উল্লেখযোগ্য যে, পাণবজাৰস্থিত ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰত উপন্যাসখনি উন্মোচন কৰি পাঠক- ৰাইজৰ বাবে মুকলি কৰা হয়। উপন্যাসখনি উন্মোচন কৰাৰ পূৰ্বে এটি ঝুমুৰ পৰিৱেশন কৰে প্ৰতিভাৱান শিল্পী দীপাংকৰ মেধিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/26/whatsap-2025-12-26-21-16-24.jpeg)
এই সম্পৰ্কত লেখিকা চেহনাব শ্বাহিনে জানিবলৈ দিয়ে যে, উপন্যাসখনিৰ প্ৰথম খণ্ডটিতে অসমৰ চাহৰ বৰ্ণনা সন্নিৱিষ্ট কৰা হৈছে। তাৰোপৰি এই উপন্যাসখনিত পাঠকে পঢ়িবলৈ পাব Animal Instinct নামৰ অধ্যায়টি। এই অধ্যায়টিত পাঠকে হাতী- মানুহৰ সংঘাতৰ বিষয়ে পঢ়িবলৈ পাব।
আনহাতে এই উপন্যাসখনিত অসমৰ ইতিহাস বৰ্ণনা কৰাৰ প্ৰয়াস কৰিছে লেখিকাই। লেখিকাই ১৮৫০ৰ পৰা ২০০০চনলৈকে অসমৰ ইতিহাস উপন্যাসখনিত তুলি ধৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/26/whatsapp-imag-2025-12-26-21-17-31.jpeg)
এনেদৰে ভালেকেইটা অধ্যায়ৰে সজোৱা হৈছে উপন্যাসখনি। উল্লেখযোগ্য যে, উপন্যাসখনিৰ প্ৰায়কেইটা অধ্যায় অসমৰ পটভূমিত ৰচনা কৰাৰ কথাও দোহাৰে লেখিকা চেহনাব শ্বাহিনে।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, আজিৰ এই মনপৰশা অনুষ্ঠানটিৰ মাজতে অনুষ্ঠিত হয় লেখক চেহনাব শ্বাহিন আৰু অভিনেতা অৰ্ঘ্যদীপ বৰুৱাৰ কথোপকথন অনুষ্ঠান। এই অনুষ্ঠানটিৰ জৰিয়তে লেখিকাই নিজৰ সাহিত্য জীৱনৰ বিষয়ে ভালেখিনি মন্তব্য প্ৰকাশ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/26/whatsapp-image-202-2025-12-26-21-17-01.jpeg)
প্ৰণিধানযোগ্য যে, যুৱ লেখিকা চেহনাব শ্বাহিন লেখিকাৰ উপৰিও তেওঁ হৈছে এগৰাকী সমাজকৰ্মী। বিশ্বৰ বিভিন্ন প্ৰান্ত তথা চিৰিয়া, লেবানন আৰু জৰ্ডান আদিলৈ গৈ তেওঁ নিৰ্দিষ্ট অঞ্চল তথা বাসিন্দাসকলৰ সৈতে মতবিনিময় কৰি অঞ্চলটোৰ বিষয়ে বুজ লোৱা এগৰাকী কৰ্মী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/26/whatsapp-imag-2025-12-26-21-17-55.jpeg)
অসমত জন্মগ্ৰহণ কৰা চেহনাবে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত গ্ৰহণ কৰিছে ডিগ্ৰী। একেদৰে টুৰিন বিশ্ববিদ্যালয়ৰ পৰাও তেওঁ ডিগ্ৰী লাভ কৰিছে। বৰ্তমান তেওঁ আন্তৰ্জাতিক বেচৰকাৰী সংস্থা COSV-ৰ মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা অঞ্চলৰ আঞ্চলিক সঞ্চালক হিচাপে কৰ্মৰত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us