চিলাপথাৰত চাঞ্চল্য : এমাহ ধৰি নিৰুদ্দেশ কলেজীয়া ছাত্ৰীৰ

চিলাপথাৰত এটা মাহে খা খবৰ নাই কলেজীয়া ছাত্ৰীৰ। যাৰ বাবে থানাত এজাহাৰ‌ দাখিল কৰিছে পৰিয়ালৰ লোকে। হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত

author-image
Asomiya Pratidin
New Update
125

ডিজিটেল সংবাদ, চিলাপথাৰ : চিলাপথাৰত এটা মাহে খা খবৰ নাই কলেজীয়া ছাত্ৰীৰ। যাৰ বাবে থানাত এজাহাৰ‌ দাখিল কৰিছে পৰিয়ালৰ লোকে। হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত।

জানিব পৰা মতে চিলাপথাৰ থানাৰ ২ নং চিলা গাঁওৰ নিবাসী হৰিশ ৰায়ৰ কন্যা জ্যোৎস্না ৰায়ে (১৭) যোৱা ২ অক্টোবৰৰ পৰাই নিৰুদ্দেশ হৈ থকা ঘটনাই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। দুৰ্গা পূজাৰ দশমীৰ দেৱী বিসৰ্জ্জন চাব যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈছিল একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকী আৰু বিসৰ্জন চাবলৈ গৈ আজিলৈকে উভতি অহা নাই। 

ইফালে আত্মীয় স্বজন, বন্ধু-বান্ধৱীৰ ঘৰৰ লগতে বিভিন্ন অঞ্চলত খা-খবৰ লৈও  কোনো শুংসূত্ৰ পোৱা নাই পৰিয়ালৰ লোকে।পৰিয়ালৰ লোকে জানিবলৈ দিয়ামতে ঘটনাৰ নিশাই চিলাপথাৰ আৰক্ষী থানাৰ নিৰুদ্দেশ সন্দৰ্ভত এখনি লিখিত আবেদন দাখিল কৰিছিল, পিছে এটা মাহে খা খবৰ নোলাল ছোৱালীগৰাকীৰ।

নিৰুদ্দিষ্টৰ কোনো খবৰ পালে স্থানীয় আৰক্ষী অথবা পৰিয়ালৰ 9365523644 নন্বৰৰ ফোনত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে আত্মীয়ই।

চিলাপথাৰ