/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/0c7f509b-057c-41a2-a178-058b5a49cfc4/samobai.jpg)
Co operatives election
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমা সমবায় সমিতি সমূহৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ অন্তৰ্গত পশ্চিম মাছখোৱা সমবায় সমিতিৰ ২০২২-২০২৭ বৰ্ষ কাৰ্যকালৰ বাবে সোমবাৰে নিৰ্বাচন অনুষ্ঠিত হৈছিল।
উক্ত সাধাৰণ নিৰ্বাচনৰ ফলাফল মঙ্গলবাৰে নিশা নিৰ্বাচনী বিষয়া লক্ষী পেগুৰ উপস্থিতিত ঘোষিণা কৰা হয় ।
সমবায় সমিতিখনৰ সাধাৰণ নিৰ্বাচনত মুঠ ২৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । সমবায় সমিতিখনৰ মুঠ ২ হাজাৰ ৮০০ ভোটাৰৰ ভিতৰত মুঠ ৬৬৭ গৰাকী ভোটাৰে সোমবাৰে নিজস্ব ভোটাধিকাৰ সাব্যস্ত কৰিছিল ।
উক্ত নিৰ্বাচনৰ ভোট গণনা মঙ্গলবাৰে নিশা সম্পন্ন হয় । নিৰ্বাচনৰ ঘোষিত ফলাফল অনুসৰি মুঠ ১৫ গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হৈছে । নিৰ্বাচিত প্ৰাৰ্থী সকল হল ক্ৰমে দীপা বৰ গোঁহাই,বগেন বৰা, উমেশ টাৱ ,নিহাৰ ৰঞ্জন শইকীয়া, মহেন্দ্ৰ ফুকন ,বিপুল চমুৱা,ধীৰেন পাচনি, ধনপ্ৰভা শইকীয়া, পৰেশ গগৈ, অনন্ত গগৈ ,বগেন বৰুৱা, ইন্দ্ৰেশ্বৰ চুতীয়া, হেম গোঁহাই আৰু নিৰন গগৈ ।
নৱ নিৰ্বাচিত প্ৰাৰ্থী সকলে শীঘ্ৰে এখন পূৰ্ণ পদমৰ্যদাৰ সমিতি গঠন কৰিব। নৱ নিৰ্বাচিত সদস্য সকলকলৈ নিশা ১০-৪০ বজা পৰ্যন্ত সাধাৰণ সভা চলি আছে শিঙিয়া গাঁও পঞ্চায়তৰ কাৰ্যালয় কক্ষত।
অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক সমুজ্জ্বল চেতিয়া আৰু হাৰ্হি জিলা পৰিষদ সদস্য টিটো মণি গোঁহাইয়ে নৱ নিৰ্বাচিত সদস্য সকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি এখন স্বচ্ছ আৰু গতিশীল সমিতি গঠনৰ আশা প্ৰকাশ কৰিছে ।