/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5de145af-dca3-42b9-b04a-82df1502217f/SAMABAI.jpg)
Co-operative elections
ডিজিটেল সংবাদ ,ঢকুৱাখনাঃ লখিমপুৰ জিলা সমবায় সমিতি সমূহৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ অন্তর্গত ঢকুৱাখনা মহকুমাৰ পূব ঢকুৱাখনা সমবায় সমিতিৰ ২০২২-২০২৭ বর্ষৰ সঞ্চালক মণ্ডলী নিৰ্বাচনৰ বাবে অনুষ্ঠিতব্য সাধাৰণ নিৰ্বাচনৰ প্ৰক্ৰিয়াক লৈ ব্যাপক অনিয়ম অসন্তুষ্টিৰ সূত্ৰপাত ঘটিছে।
সমবায় সমিতিখনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া হিচাবে মনোনয়ন পত্ৰ দাখিল আৰু চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ বেলিকা নিযুক্ত নিৰ্বাচনী বিষয়া গৰাকীয়ে পক্ষপাতী আচৰণ প্রদর্শন কৰাৰো অভিযোগ উত্থাপিত হৈছে ।
এগৰাকী চৰকাৰী বিষয়াৰ এনে পক্ষপাত, দুষ্ট আচৰণত অতিষ্ঠ সমবায় সমিতিখনৰ একাংশ ৰাইজে লখিমপুৰ জিলা উপায়ুক্ত , জিলা সমবায় সমিতি সমূহৰ সহকাৰী পঞ্জীয়ক , ঢকুৱাখনাৰ মহকুমাধিপতিক লিখিত অভিযোগ দাখিল কৰিছে ।
উত্থাপিত অভিযোগ অনুসৰি পূব ঢকুৱাখনা সমবায় সমিতি লিমিটেডৰ নিৰ্বাচনৰ বাবে বৃহস্পতি বাৰে মনোনয়ন পত্ৰ দাখিল আৰু পৰীক্ষণৰ দিন আছিল । সেই অনুসৰি সমবায় সমিতিখনৰ মুঠ ২০ গৰাকী অংশীদাৰে মনোনয়ন পত্ৰ দাখিল কৰিছিল । এই নিৰ্বাচনী প্ৰক্ৰিয়াটোত বিভাগৰ পৰা প্ৰেৰিত নিৰ্বাচনী বিষয়া হিচাবে উপস্থিত আছিল লক্ষী পেগু ।
নিৰ্বাচনী বিষয়া পেগুৱে নিৰপেক্ষতাৰ নীতি জলাঞ্জলি দি শাসক দলৰ অনুগত একাংশ প্ৰাৰ্থীৰ প্ৰতি অহেতুক দৰদ প্রদর্শন কৰি সমগ্ৰ প্ৰক্ৰিয়াটো বিতৰ্কৰ গ্ৰাসলৈ নিমৰ্জিত কৰাৰ ৰাজহুৱা অভিযোগ উঠিছে ।
সংবাদ মাধ্যমক দাখিল কৰা অভিযোগ মতে মনোনয়ন পত্ৰ দাখিলৰ পাছত পৰীক্ষণ কৰা কালত একাংশ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰত "হোৱাইটনাৰ" ব্যৱহাৰ কৰি ক্ৰুটি সংশোধন কৰা , সংশোধনী সমিতিৰ অজ্ঞাতে পূৰ্বৰ ভোটাৰ তালিকাকে ভাৰপ্ৰাপ্ত সচিব ৰঞ্জিত পেগু, সভাপতি ভবেশ দলেয়ে খেয়াল খুচি মতে অপৰিৱৰ্তিত ৰাখি চলিত নিৰ্বাচনত ব্যৱহাৰ কৰা , নীতিগত ভাৱে বাৰ্ষিক সাধাৰণ সভাত অনুপস্থিত ব্যক্তিকো অমিল স্বাক্ষৰৰে উপস্থিত থকা দেখুৱাই মনোনয়ন গ্ৰাহ্য কৰা , চূড়ান্ত পৰীক্ষণ কালত মনোনয়ন পত্ৰ গ্ৰাহ্য ঘোষিত প্ৰাৰ্থীকো পৰৱৰ্তী সময়ত অগ্ৰাহ্য ঘোষণা কৰা আদি সীমাহীন অনিয়ম সংঘটিত হৈছে সমবায় সমিতিৰ প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত।
ক্ষুব্ধ ৰাইজৰ একাংশই এনেবোৰ সীমাহীন ক্ৰুটি আৰু বিসংগতি সন্দৰ্ভত শুক্ৰবাৰে উপায়ুক্ত ,মহকুমাধিপতি আৰু বিভাগৰ সহকাৰী পঞ্জীয়কক লিখিত অভিযোগ দাখিল কৰি ন্যায় প্ৰাপ্তি কামনা কৰিছে ।
নিৰ্বাচনী বিষয়া পেগুৰ পক্ষপাতী আচৰণত বিতুষ্ট একাংশ ৰাইজে সমগ্ৰ মনোনয়ন পত্ৰ দাখিল আৰু নিৰ্বাচনী প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিৰপেক্ষ নোহোৱাৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচনী বিষয়া পেগুৰ এনে বিতৰ্কিত ভূমিকা জড়িত মনোনয়ন পত্ৰ পুনৰীক্ষণ কৰা অথবা বাতিল কৰি পুনৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
ক্ষুব্ধ ৰাইজৰ এনে গুৰুত্বপূৰ্ণ অভিযোগ সন্দৰ্ভত প্ৰশাসন আৰু বিভাগৰ দ্বাৰা অনাগত সময়ত নিৰপেক্ষ তদন্ত হ'লেহে প্রকৃত সত্য পোহৰলৈ আহিব । উল্লেখ্য যে অহা ২৫ ছেপ্টেম্বৰত সমবায় সমিতিখনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।