ভোটাৰ তালিকাত সন্দেহযুক্ত নাগৰিকঃ মুখ্যমন্ত্ৰীৰ পদক্ষেপক শলাগ জাতীয় সংগ্ৰামী সেনা অসমৰ

অসমৰ ভোটাৰ তালিকাৰ পৰা অবৈধ সন্দেহযুক্ত নাগৰিকৰ নাম কৰ্তন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা দৃঢ় পদক্ষেপক আদৰণি জনাইছে জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাই।

author-image
Asomiya Pratidin
New Update
djhfiushfisd

ডিজিটেল ডেস্কঃ অসমৰ ভোটাৰ তালিকাৰ পৰা অবৈধ সন্দেহযুক্ত নাগৰিকৰ নাম কৰ্তন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা দৃঢ় পদক্ষেপক আদৰণি জনাইছে জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাই। দেওবাৰে শিৱসাগৰ জিলাত আয়োজিত এখন সংবাদ মেলত তেওঁ এই মত প্ৰকাশ কৰে।

এই সংবাদমেলত চিতু বৰুৱাই কয় যে, অসমক বাংলাদেশ, পাকিস্তানৰ দৰে হ’বলৈ দিব নোৱাৰোঁ। যদি সময় মতে অসমৰ পৰা অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন ৰোধ কৰিব নোৱাৰি আৰু ভোটাৰ তালিকাৰ পৰা মিঞাৰ নাম কৰ্তন কৰা নাযায়, তেন্তে অসমীয়া জাতিটোৰ ভৱিষ্যৎ অন্ধকাৰময় হ’ব।

সংবাদ মেলত তেওঁ স্পষ্ট ভাষাত কয় যে, জাতীয় সংগ্ৰামী সেনা অসমৰ দাবী হৈছে এখন অবৈধ সন্দেহযুক্ত নাগৰিক মুক্ত আৰু বাংলাদেশী মিঞা মুক্ত ভোটাৰ তালিকা প্ৰস্তুত কৰা। এই দাবীক কেন্দ্ৰ কৰি সংগঠনটোৱে পূৰ্বেও ৰাজহুৱা মঞ্চত নিজৰ মত প্ৰকাশ কৰি আহিছে। লগতে, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ভোটাৰ তালিকাৰ পৰা  অবৈধ  সন্দেহযুক্ত নাগৰিক মিঞাৰ নাম কৰ্তন কৰাৰ ক্ষেত্ৰত যি দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া ৰাজ্যখনৰ অখণ্ডতা আৰু সামগ্ৰিক সমন্বয় ৰক্ষাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

লগতে, অসমীয়া জাতিৰ সভ্যতা-সংস্কৃতি সংৰক্ষণ, ভৱিষ্যৎ প্ৰজন্মৰ সুৰক্ষা আৰু বিশেষকৈ অসমীয়া নাৰী সমাজৰ সুৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত শলাগ ল'ব লগীয়া বুলি চিতু বৰুৱাই মন্তব্য কৰে। সংবাদ মেলত জাতীয় সংগ্ৰামী সেনা অসমে আগন্তুক দিনতো এই বিষয়ত সচেতনতা বৃদ্ধি আৰু প্ৰশাসনিক ব্যৱস্থাক সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰে।

চিতু বৰুৱা