জুবিনক্ষেত্ৰত বিচ্ছিন্ন বিদ্যুৎ সংযোগঃ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ স্পষ্টীকৰণ

জুবিনক্ষেত্ৰত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱা সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী কাৰ্যালয়ে।

author-image
Asomiya Pratidin
New Update
RFGFGFGFG
ডিজিটেল ডেস্কঃ জুবিনক্ষেত্ৰত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱা সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী কাৰ্যালয়ে। সামাজিক মাধ্যমযোগে স্পষ্টীকৰণ দি উল্লেখ কৰে যে- কিছু সংবাদ মাধ্যম আৰু ব্যক্তিয়ে জুবিন ক্ষেত্ৰত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱা লৈ বিপথে পৰিচালিত হোৱা বাতৰি পৰিৱেশন কৰি আছে।ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ যে ৫:২০ বজাত জুবিন ক্ষেত্ৰৰ সমীপত কোনো ব্যক্তিয়ে অসাৱধানবশতঃ জ্বলোৱা একুৰা জুইৰ বাবে জুবিন ক্ষেত্ৰৰ সৈতে সংযোগ হোৱা এডাল কেবলত অগ্নি সংযোগ হয়।

WhatsApp Image 2026-02-21 at 9.52.44 PM

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে লগতে উল্লেখ কৰে যে, বিদ্যুৎ বিভাগে তৎপৰতাৰে সমস্যাটোৰ সমধান কৰে আৰু কেৱল আধাঘণ্টাৰ বাবে জুবিন ক্ষেত্ৰত বিদ্যুতৰ সমস্যাই দেখা দিয়ে। ৫:৫৮ বজাত বিদ্যুৎ বিভাগে পুনৰ বিদ্যুৎ সংযোগ কৰি সমস্যাৰটোৰ তৎপৰতাৰে সমাধান কৰিবলৈ সক্ষম হয় বুলিও জানিবলৈ দিয়ে।

WhatsApp Image 2026-02-21 at 9.52.43 PM

উল্লেখযোগ্য যে, জুবিনক্ষেত্ৰত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱা সন্দৰ্ভত কিছুসময় পূৰ্বে সামাজিক মাধ্যমৰ জৰিয়তে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গেও ক্ষোভ প্ৰকাস কৰিছিল। সমগ্ৰ বিষয়টো লৈ সামাজিক মাধ্যমত ব্যাপৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 
জুবিন গাৰ্গ জুবিন জুবিনক্ষেত্ৰ