বিন্নাকান্দিৰ পঞ্চায়তত দুৰ্নীতিঃ চিএম ভিজিলেন্সৰ তদন্ত আৰম্ভ

বিন্নাকান্দি উন্নয়নখণ্ডত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী দলে। ইটোৰ পিছত সিটো ঠাই পৰিদৰ্শন কৰে মূখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী দলটোৱে। 

author-image
Asomiya Pratidin
New Update
FRTJUYKUY54

ডিজিটেল সংবাদ,ডবকাঃ বিন্নাকান্দি উন্নয়নখণ্ডত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী দলে। ইটোৰ পিছত সিটো ঠাই পৰিদৰ্শন কৰে মূখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী দলটোৱে। 

উল্লেখ্য যে, বিন্নাকান্দি উন্নয়নখণ্ডৰ অন্তৰ্গত যমুনাগাওঁ পঞ্চায়তত ২০২২-২৩ বৰ্ষৰ এটি পথৰ নামত আৱণ্টিত হৈছিল ২ লাখ ৫০ হাজাৰ টকা। পথছোৱাত কোনো ধৰনৰ কাম নকৰাকৈ সম্পূৰ্ণ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় লোকৰ লগতে পঞ্চায়তখনৰ কাউন্সিলাৰ গৰাকীয়ে। যাৰবাবে হোজাই জিলাৰ মুখ্য কাৰ্যবাহী বিষয়াক অভিযন্ত্ৰা লৰেন্স তেৰং আৰু খণ্ড উন্নয়ন বিষয়া নৱজিৎ বৰ্মণৰ বিৰুদ্ধে দাখিল কৰিছিল অভিযোগ। অভিযোগৰ পিছতে বুধবাৰে আহি পথছোৱাৰ তদন্ত কৰে বিভাগীয় কৰ্তৃপক্ষই । 

তাৰ উপৰিও মুখ্যমন্ত্ৰীৰ নিৰ্দেশক অৱমাননা কৰি ডবকা পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ গ্ৰেজিং ৰিৰ্জাভৰ ভূমিত ১২ লাখ টকীয়া কালভাৰ্ট নিৰ্মাণৰ আঁচনি ৰূপায়ন কৰাৰ পিছতে খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে অভিযোগ দিছিল ডবকা গাওঁ পঞ্চায়তৰ কাউন্সিলাগৰাকীয়ে। কালভাৰ্ট নিৰ্মাণৰ কামতো ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল। অকল এয়াই নহয়, ডবকা সামূহিক চিকিৎসালয়ৰ সন্মুখতো গ্ৰামোন্নয়নৰ ধনৰে মাৰ্কেট শ্বেট নিৰ্মাণৰ অভিযোগ উত্থাপন কৰিছিল সচেতন লোকে। 

আনহাতে, গ্ৰামোন্নয়নৰ আঁচনিৰ ধন পৌৰসভা এলেকাত ব্যৱহাৰ কৰাৰ বাবেও সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। লগতে অকচেক পথাৰ গাঁও পঞ্চায়তত আঞ্চলিক পঞ্চায়তৰ অধীনত দীঘলজাৰ ৰাজ্যিক চিকিৎসালয়ত পকী নলা নিৰ্মাণত চৰম দুৰ্নীতি সংগঠিত হোৱাৰ অভিযোগ তুলি স্থানীয় এগৰাকী জ্যেষ্ঠ নাগৰিকে দিয়া অভিযোগৰ ভিত্তিত চৰজমিন তদন্ত কৰে দলটোৱে৷ 

এই আঁচনিৰ নামত মুঠ ৭,৯৭,০০০ টকা আৱণ্টন হৈছে ৷ তাৰে ৩০ শতাংশ কাম নকৰাকৈ সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে৷ ৰহস্যজনক ভাবে এই কামৰ দুৰ্নীতিগ্ৰস্ত অভিযন্তা লৰেন্স তেৰণক লগত লৈ তদন্তকাৰী বিষয়াই তদন্ত কৰাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বুধবাৰে বিন্নাকান্দি উন্নয়ন খণ্ডৰ দুৰ্নীতিৰ অভিযোগ উঠা প্ৰত্যেকটো আঁচনিৰ কামত তদন্ত কৰে মুখ্যমন্ত্ৰীৰ তদাৰকী ভিজিলেন্স দলটোৱে । এতিয়া বিভাগীয় কতৃপক্ষই কি ব্যৱস্থা লয় সময়ত লক্ষণীয় হ'ব৷

ডবকা