চিৰাঙত "মুখ্যমন্ত্ৰী চাহ জনজাতি আৰু আদিবাসী ফুটবল প্ৰতিযোগিতা" বৰ্জন

"আমি অসম চৰকাৰৰ এই সিদ্ধান্তক আৰম্ভণিৰে পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছো কিন্তু চৰকাৰে এইক্ষেত্ৰত কোনো ব্যবস্থা নকৰি একপ্ৰকাৰ জাপি দিয়া প্ৰচেষ্টা অব্যাহত ৰাখিছে।"

author-image
Asomiya Pratidin
New Update
csdsdsdsd

ডিজিটেল সংবাদ, চিৰাংঃ আজিৰ পৰা চিৰাং জিলাৰ গৰুভাষা ৰাজহুৱা খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিভাগৰ সহযোগত "মুখ্যমন্ত্ৰী চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল প্ৰতিযোগিতা -২০২৫-২৬"  আয়োজন কৰিছিল। উক্ত ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ফুটবল দল তথা খেলুৱৈ সকল উপস্থিত হৈছিল। কিন্তু পূৰ্ব নিৰ্ধাৰিত সময়ত ফুটবল প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগতেই সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দল খেলপথাৰত উপস্থিত হৈ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা দল তথা খেলুৱৈ সকলক পথাৰৰ পৰা ওভতাই পঠিয়াই দিয়ে।

কি কাৰণত খেলপথাৰৰ পৰা ফুটবল খেলুৱৈ সকলক উভতাই পঠিয়াই দিয়া হল এই সন্দৰ্ভত সংবাদ মাধ্যমৰ পৰা কৰা প্ৰশ্নৰ উত্তৰত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি দুৰ্গা চোৰেনে কয় যে ,যুগ যুগ ধৰি অসমত বসবাস কৰা চাওঁতাল সকলক ৰাজ্য চৰকাৰে একপক্ষীয় ভাবে চাহ জনগোষ্ঠীৰ সৈতে অন্তৰ্ভুক্ত কৰি দিয়ে । অসম চৰকাৰে চাওঁতাল সকলৰ নিজৰ স্বকীয় পৰিচয় বিলুপ্ত কৰি নতুনকৈ চাহ জনগোষ্ঠী হিচাপে স্বীকৃতি প্ৰদান কৰাৰ সিদ্ধান্তক চাওঁতাল জনগোষ্ঠীৰ লোকসকলে কেতিয়াও মানি নলয়।

নেতাগৰাকীয়ে লগতে উল্লেখ কৰে যে, আমি অসম চৰকাৰৰ এই সিদ্ধান্তক আৰম্ভণিৰে পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছো কিন্তু চৰকাৰে এইক্ষেত্ৰত কোনো ব্যবস্থা নকৰি একপ্ৰকাৰ জাপি দিয়া প্ৰচেষ্টা অব্যাহত ৰাখিছে । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধীতা কাৰ্য্যৰ অংশ হিচাপে আমি চাওঁতাল জনগোষ্ঠীৰ লোক হিচাপে হিচাপে অসম চৰকাৰৰ দ্বাৰা আয়োজন কৰা এই "মুখ্যমন্ত্ৰী চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল প্ৰতিযোগিতা-২০২৫-২৬" বৰ্জন কৰিছো ।

আনহাতে, আগলৈ যদি অসম চৰকাৰে অসমত বসবাস কৰা চাওঁতাল জনগোষ্ঠীয় লোকসকলক কেৱল চাওঁতাল জনগোষ্ঠী হিচাপে স্বীকৃতি প্ৰদান কৰি জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে তেনেহলে সদৌ চাওঁতাল ছাত্ৰ সন্থাই আৰু বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ নেতাজনে।

চিৰাং