কংগ্ৰেছৰ প্ৰথমখন তালিকাত তিনি মুখ্যমন্ত্ৰীৰ পুত্ৰ আৰু দুই সাংসদ পুত্ৰই পালে টিকট...

কংগ্ৰেছৰ ৪২জনীয়া প্ৰাৰ্থীৰ তালিকাত বহুকেইখন নতুন মুখে স্থান পালে। ১০ৰো অধিক নতুন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে। কিন্তু এই তালিকাখনত নাম থকা ৩গৰাকী প্ৰাৰ্থী হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ। আনহাতে দুগৰাকী বৰ্তমানৰ

author-image
Asomiya Pratidin
New Update
d2cbfbb5-25ef-4e3f-861b-df97dd88453e

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ ৪২জনীয়া প্ৰাৰ্থীৰ তালিকাত বহুকেইখন নতুন মুখে স্থান পালে। ১০ৰো অধিক নতুন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে। কিন্তু এই তালিকাখনত নাম থকা ৩গৰাকী প্ৰাৰ্থী হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ। আনহাতে দুগৰাকী বৰ্তমানৰ সাংসদ পুত্ৰইও কংগ্ৰেছৰ প্ৰথমখন তালিকাতে স্থান পালে।

  • যোৰহাট বিধানসভা সমষ্টিৰ পৰা টিকট লাভ কৰা গৌৰৱ গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ।
  • নাজিৰা বিধানসভা সমষ্টিৰ পৰা টিকট লাভ কৰা দেৱব্ৰত শইকীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ।
  • বৰক্ষেত্ৰী বিধাসভা সমষ্টিৰ পৰা টিকট লাভ কৰা দিগন্ত বৰ্মন হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ পুত্ৰ।

e1e44019-3ea5-4fa5-bb03-1ba00dd42621

আনহাতে কংগ্ৰেছৰ দুগৰাকী বৰ্তমানৰ সাংসদৰ পুত্ৰৰ নাম আছিল প্ৰথমখন তালিকাতে। 

  • ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনে টিকট লাভ কৰিছে চামগুৰি সমষ্টিৰ পৰা।
  • নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈয়ে টিকট লাভ কৰিছে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা। 

fcd3087f-ac57-443a-9996-3a15f4add151

বিধানসভা নিৰ্বাচন