'ৰৈ ৰৈ বিনালে' কিয় চাবলৈ যোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই...

দেওবাৰৰ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্ত সমূহৰ কথা ৰাজহুৱা কৰে। এই সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিনক

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ দেওবাৰৰ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্ত সমূহৰ কথা ৰাজহুৱা কৰে। এই সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিনক লৈ কংগ্ৰেছে নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লোৱা বুলিও অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে, কংগ্ৰেছে জুবিনক লৈ ৰাজনীতি কৰিছে আৰু মই জুবিনৰ সৃষ্টিৰাজিৰ সংৰক্ষণ আৰু জুবিনক ন্যায় দিবৰ বাবে কাম কৰি আছো।

জুবিনৰ ৰহস্যজনক মৃত্যুক লৈ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ড০ শৰ্মাই কয় যে, বিগত ৩মাহ ধৰি সিদ্ধাৰ্থ, শ্যামকানু মাটিত শুই আছে। সেই কথা আপোনালোক কোনেও লিখা নাই আৰু নিলিখে। জেইলত ভূত ওলাই, শুবলৈ আঠুৱা দিয়া নাই, ভালকৈ খাবলৈ ৰুটি দিয়া নাই। ইয়াৰ পাছতো আমাক একাংশই সমালোচনা কৰে।

জুবিন গাৰ্গৰ শেষৰখন চিনেমা কিয় চাবলৈ যোৱা নাই, সেই কথাও আজিৰ সংবাদমেলত সদৰি কৰিলে হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, জুবিন গাৰ্গক বাৰে বাৰে সাগৰলৈ যাবলৈ ডাক্তৰে মানা কৰিছিল। তথাপিও এই চিনেমাখন সাগৰতেই শ্বুটিং কৰা হৈছিল। ছবি নিৰ্মাণৰ নামত জুবিনক ব্যৱহাৰ কৰা হৈছিল, সেই কাৰনেই মই ইমানদিনে চিনেমাখন চোৱা নাই।‘ 

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সংবাদমেলত সদৰি কৰে যে, ২০২৬ৰ জানুৱাৰী মাহত তেওঁ ৰৈ ৰৈ বিনালে উপভোগ কৰিব। দেওবাৰৰ এই সংবাদমেলখনত মুখ্যমন্ত্ৰীয়ে ৮ডিচেম্বৰত হ’বলগীয়া পোষ্ট মেলনৰ সংগীতানুষ্ঠান কোনো মন্ত্ৰীয়ে উপভোগ নকৰে বুলি সদৰি কৰে।

জুবিন গাৰ্গ