মুখ্যমন্ত্ৰীয়ে কেতিয়া চাব 'ৰৈ ৰৈ বিনালে' ?

অচিৰেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চাব জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। দিনজোৰা কাৰ্যসূচীৰে লখিমপুৰলৈ যোৱা মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কৰে এই মন্তব্য।

author-image
Asomiya Pratidin
New Update
dsdswdsdsdsdsd

ডিজিটেল ডেস্কঃ অচিৰেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চাব জুবিন গাৰ্গৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে'। দিনজোৰা কাৰ্যসূচীৰে লখিমপুৰলৈ যোৱা মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কৰে এই মন্তব্য। লখিমপুৰতে ছবিখন চোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে। 

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে যে, "মই গ'লে সাধাৰণ ৰাইজৰ অসুবিধা হ'ব। মোৰ লগত চিকিউৰিটিয়ে ২৬ জন থাকে। কোনোবা এটা দিনত জোনাকীত ছবিখন চাম।" 

অৱশ্যে সুবিধা মিলিলে আজিয়েই আইদেউ ছবিগৃহটো চিনেমাখন চাব পাৰে মুখ্যমন্ত্ৰীয়ে। উল্লেখযোগ্য যে, ছবিখন মুক্তি লাভ কৰাৰ প্ৰথমটো দিনতে কেইবাগৰাকীও ৰাজনৈতিক নেতাই উপভোগ কৰিলে জুবিনৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। 

মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা