মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১১লাখ টকাৰ বৰঙণি উদয় আদিত্য গোস্বামীৰ…

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১১লাখ টকাৰ বৰঙণি উদয় আদিত্য গোস্বামীৰ... .....................................................................

author-image
asomiyapratidin
New Update
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১১লাখ টকাৰ বৰঙণি উদয় আদিত্য গোস্বামীৰ…

ডিজিটেল ডেস্কঃ ক'ভিড-১৯ৰ টীকাকৰণ অভিযানক জনআন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আজি ১১ লাখ টকাৰ আৰ্থিক বৰঙণি আগবঢ়াই গহপুৰৰ যুৱ সমাজকৰ্মী, প্ৰতিষ্ঠিত ব্যৱসায়ী,শৈল্যজা সংকল্প ট্ৰাষ্টৰ অধ্যক্ষ তথা শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰৰ প্ৰতিষ্ঠাতা উদয় আদিত্য গোস্বামীয়ে।

Advertisment

তেওঁৰ এই সামাজিক দায়বদ্ধতা আৰু মহানুভৱতাক সকলোৱে শলাগ লৈছে।আজি তেওঁ নিজ হাতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ হাতত উক্ত চেক প্ৰদান কৰে।যোৱা বৰ্ষৰ ক'ভিডৰ সময়তো তেওঁ অসম চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি জনাই সঁহাৰি ২১ লাখ টকাৰ সাহাৰ্য আগবঢ়াইছিল।