শিৱভক্ত ৰাজেশক লৈ বিবুধিত পৰিছে দিল্লী আৰক্ষী...

সপোনত আহি শিৱবাবাই কোৱাৰ বাবেই দিল্লীলৈ আহি দিল্লীৰ মুখ্যমন্ত্ৰীক মই আক্ৰমণ কৰিছিলো। এয়া বাবাৰ নিৰ্দেশ আছিল।' - মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা গুজৰাটৰ খিমজীয়ে দিল্লী আৰক্ষীৰ

author-image
Asomiya Pratidin
New Update
ujjd

ডিজিটেল ডেস্কঃ সপোনত আহি শিৱবাবাই কোৱাৰ বাবেই দিল্লীলৈ আহি দিল্লীৰ মুখ্যমন্ত্ৰীক মই আক্ৰমণ কৰিছিলো। এয়া বাবাৰ নিৰ্দেশ আছিল।' - মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা গুজৰাটৰ খিমজীয়ে দিল্লী আৰক্ষীৰ সোধপোচত এইদৰে কয়।  ৰাজেশৰ উত্তৰ শুনি এতিয়া বিবুধিত পৰিছে দিল্লী আৰক্ষীও।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ২০আগষ্ট, ২০২৫ত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ কৰাৰ লগে লগে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজেশক। তাৰ পিছতে ৰাজেশৰ ওপৰত ভিন্ন ধাৰা আৰোপ কৰি সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আৰক্ষীৰ জেৰাত ৰাজেশে কয় যে, মই ঘৰত এটা শিৱমন্দিৰ নিৰ্মাণ কৰিছো। মই সদায়ে তাত পূজা-পাতল কৰো। যেতিয়াই পদপথৰ কুকুৰক লৈ উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিলে, সেইদিনাই মোৰ সপোনত বাবাই ধৰা দিলে। কাল ভৈৰৱ ৰূপ ধাৰণ কৰি বাবাই মোক দিল্লীলৈ অহাৰ নিৰ্দেশ দিলে। 

সপোনতে শিৱ বাবাই ৰাজেশক দিল্লীলৈ আহি মুখ্যমন্ত্ৰীক সাক্ষাত কৰাৰ কথা কৈছিল বুলি আৰক্ষীক অৱগত কৰিছে।  ৰাজেশে আৰক্ষীক কয় যে, মই পদপথৰ কুকুৰক লৈ ন্যায়ালয়ে গ্ৰহণ কৰা ৰায়ৰ বিপৰীতে দিল্লী চৰকাৰক অৱস্থান লবলৈ অনুৰোধ কৰিছিলো মুখ্যমন্ত্ৰীক। কিন্তু মোৰ কথাত কোনো গুৰুত্ব প্ৰদান নাছিল তেওঁ। সেয়েহে তেওঁক মই প্ৰহাৰ কৰিলো।

ৰাজেশে জনাইছে যে, তেওঁ মুখ্যমন্ত্ৰীক প্ৰহাৰ কৰাৰ কোনো পৰিকল্পনা নাছিল। পুৱাৰ ভাগত মুখ্যমন্ত্ৰীক সাক্ষাত কৰি গধুলি পুনৰ ঘৰলৈ উভতি যোৱাৰ কথা আছিল ৰাজেশৰ। 

দিল্লী