/asomiyapratidin/media/media_files/2025/09/16/ujjjd-2025-09-16-19-25-27.jpg)
ডিজিটেল ডেস্কঃ অহা ১৭ছেপ্টম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিন। উক্ত দিনটোৰ পৰাই দিল্লী চৰকাৰে আৰম্ভ কৰিব এখন নতুন আচঁনি। এই আচনিৰ জৰিয়তে শাৰিৰিকভাৱে বাধাগ্ৰস্ত লোকসকলে লাভ কৰিব মাহিলী ৬হাজাৰ টকাকৈ। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই এই ঘোষণা কৰিছে।
দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে সংবাদমাধ্যমৰ সন্মুখত সদৰি কৰা অনুসৰি, অহা বুধবাৰে এই আচঁনিখন শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আধাৰ লিংকৰ সহায়ত দিল্লীৰ প্ৰতিগৰাকী শাৰিৰিকভাৱে বাধাগ্ৰস্ত লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা।
দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, সমাজৰ প্ৰত্যেকগৰাকী লোকৰ সুখ-দুখৰ কথা চিন্তা কৰে বিজেপিৰ চৰকাৰে। শাৰিৰিকভাৱে বাধাগ্ৰস্ত লোকসকলৰ চিকিতসাৰ লগতে অন্যান্য যাৱতীয় খা-খৰছৰ বাবে এই ধনৰাশি আমি প্ৰদান কৰিম। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শুভ জন্মদিনটোৰ পৰাই এই আঁচনিখনৰ শুভাৰম্ভ হ'ব।