শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হ'ব তদন্তঃ মুখ্যমন্ত্ৰীৰ ঘোষণা

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিব চৰকাৰে। শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে ৰাজ্যজুৰি তেওঁৰ মৃত্যুৰ তদন্তৰ দাবী উত্থাপন হৈছিল। কোনো কোনোৱে এই ঘটনাৰ চি বি আইৰ তদন্তও দাবী কৰিছিল। 

author-image
Tushar Pratim
New Update
শ্যামকানু মহন্ত,  সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হ'ব তদন্তঃ মুখ্যমন্ত্ৰীৰ ঘোষণা

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিব ৰাজ্য চৰকাৰেও। প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে ৰাজ্যজুৰি তেওঁৰ মৃত্যুৰ তদন্তৰ দাবী উত্থাপন হৈছিল। কোনো কোনোৱে এই ঘটনাৰ চি বি আইৰ তদন্তও দাবী কৰিছিল। 

তাৰ মাজতে আজি সৰুসজাইত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত জনাইছে যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰা হ'ব। ৰাজ্যৰ শ্যামকানু মহন্ত আৰু অন্যান্যৰ বিৰুদ্ধে যিসমূহ এজাহাৰ দাখিল হৈছে সেই এজাহাৰসমূহ অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে। 

তেওঁ জনোৱা মতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু অসমৰ পৰা যিসকল লোক ছিংগাপুৰলৈ গৈছিল সেই সকলোকে তদন্তৰ আওঁতালৈ আনিব। ইতিমধ্যে ছিংগাপুৰ আৰক্ষীৰ তদন্তৰ আওঁতালৈ আহিছে সিদ্ধাৰ্থ শৰ্মা। 

উল্লেখ্য যে, শুকুৰবাৰে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আদিৰ বিৰুদ্ধে মৰিগাওঁ আৰক্ষী থানাত দাখিল হৈছিল এখন এজাহাৰ। 

ড০ হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গ