প্ৰতিভাবান লেখিকা শৰ্মিষ্ঠা প্ৰীতমলৈ মুখ্যমন্ত্ৰীৰ ৫ লাখ টকাৰ চিকিৎসা সাহাৰ্য্য

এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা প্ৰতিভাসম্পন্ন লেখিকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱালৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা সাহাৰ্য্য প্ৰদান কৰে।

author-image
Asomiya Pratidin
New Update
grterer

ডিজিটেল সংবাদ, বেবেজীয়াঃ এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা প্ৰতিভাসম্পন্ন লেখিকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱালৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা সাহাৰ্য্য প্ৰদান কৰে। মুখ্যমন্ত্ৰীৰ হৈ নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা আৰু ৰহাৰ বিধায়ক শশীকান্ত দাসে লেখিকা গৰাকীক তেওঁৰ বেবেজীয়াৰ সমীপৰ ডিমৌ চাৰিআলিৰ শালমৰাৰ নিজা বাসভৱনত সাক্ষাৎ কৰি এই সাহাৰ্য্য প্ৰদান কৰে।

উল্লেখ্য যে, প্ৰতিভাসম্পন্ন লেখিকা গৰাকী কম বয়সতে Spinal Mascular Atrophy নামৰ জটিল ৰোগত আক্রান্ত হৈ হুইল চেয়াৰতে জীৱন কটোৱাৰ লগতে সাহিত্য চৰ্চা কৰি গৈছিল। যুৱ লেখিকা গৰাকীয়ে এতিয়ালৈ ৰচনা কৰিছে কেইবাখনো মূল্যবান গ্ৰন্থ।

WhatsApp Image 2026-02-11 at 6.57.53 PM

ইফালে,ব্যয় বহুল এই চিকিৎসাৰ ঔষধ বৰ্তমান ভাৰতত শেহতীয়াকৈ উপলব্ধ হৈছে। শৰ্মিষ্ঠাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাহাৰ্য্য বিচাৰি আবেদন জনোৱাত মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে ২৫ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰিছিল। শেহতীয়াকৈ আৰু ৫ লাখ টকাৰ সাহাৰ্য আজি নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ জৰিয়তে তেওঁক প্ৰদান কৰে।

আনহাতে, এই সাহাৰ্য্য লাভ কৰি শৰ্মিষ্ঠা প্ৰীতমে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা আৰু ধন্যবাদ জনোৱাৰ লগতে কয় যে, এই পদক্ষেপে জটিল ৰোগত আক্ৰান্ত ৰোগী সকলক যথেষ্ট সকাহ দিব। তেওঁ এনেধৰণৰ জটিল ৰোগত আক্ৰান্ত সকলকো সাহাৰ্য আগবঢ়াবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়। একেদৰে, বিধায়ক ৰূপক শৰ্মাই মুখ্যমন্ত্ৰীৰ এনে পদক্ষেপক প্ৰশংসা কৰি কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসাৰ ক্ষেত্ৰত গ্ৰহণ কৰা এনে পদক্ষেপে ৰোগী সকলক উপকৃত কৰি আহিছে। বিধায়ক শশীকান্ত দাসেও মুখ্যমন্ত্ৰীৰ পদক্ষেপৰ শলাগ লয়।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী