আৰক্ষীয়ে প্ৰথম লাঠিচালনা কৰা নাছিলঃ সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰীৰ...

বাক্সাত সংঘটিত হোৱা কাণ্ডক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত এই কাণ্ডৰ দুৰ্ভাগ্যজনক আখ্যা দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
sssssssssssss

ডিজিটেল ডেস্কঃ বাক্সাত সংঘটিত হোৱা কাণ্ডক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত এই কাণ্ডৰ দুৰ্ভাগ্যজনক আখ্যা দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, আৰক্ষীয়ে ৰাইজৰ ওপৰত প্ৰথমতে লাঠিচালনা কৰা নাছিল। একাংশই আক্ৰমণ কৰাৰ পিছতহে আৰক্ষী কঠোৰ হৈছিল।

আনহাতে শ্যামকানু-সিদ্ধাৰ্থহঁতক ৰাজআতিথ্য প্ৰদান কৰা বুলি চলা প্ৰচাৰক ভুৱা আখ্যা দিয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। তেওঁ কয় যে, কোনো ৰাজআতিথ্য প্ৰদান কৰা হোৱা নাই অভিযুক্তক। বাক্সা জেলত বিচনাই নাই। তাৰোপৰি কাৰেন্টো নাই সেই জেইলটোত। এনেধৰণে ভুৱা প্ৰচাৰ কৰি প্ৰৰোচিত কৰা হৈছে জনতাক।

আনহাতে বুধবাৰৰ ঘটনাত গুলীৱিদ্ধ হোৱা দুজনৰ খবৰ এতিয়া যথেষ্ট ভাল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়- ইতিমধ্যে এই ঘটনাৰ কেইবাজনকো চিনাক্ত কৰা হৈছে। এতিয়ালৈকে ৯জনক আটক কৰা হৈছে। যিসকলে ভুৱা খবৰ বিয়পাইছে তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ হব প্ৰশাসন তথা আৰক্ষী।

শ্যামকানু আৰু সিদ্ধাৰ্থহঁতক গুৱাহাটীৰ বাহিৰে অন্য স্থানৰ কাৰাগাৰত ৰাখিবলৈ নিৰ্দেশ দিছিল ন্যায়ালয়ে। এই কথাও সংবাদ মেলত সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে, জেলত কোনো ৰাজআতিথ্য থাকিব নোৱাৰে। গুৱাহাটীৰ কাৰাগাৰত নিৰাপত্তাজনিত কাৰণ থকাৰ বাবেই অন্য স্থান বিকল্প হিচাপে লোৱা হৈছিল।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা