/asomiyapratidin/media/media_files/2025/08/07/jjdm-2025-08-07-23-08-26.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উক্ত সংবাদমেলত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে বিৱৰি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
আজি কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ মূল ঘোষণাসমূহ এনেধৰণৰঃ-
১. অংগনৱাড়ীৰ সহায়িকাসকলৰ অৱসৰৰ বয়স ৪৫ৰ পৰা ৫০ বছৰলৈ বৃদ্ধি।
২. উদ্যোগীকৰণৰ কাৰণে ৪খন চুক্তি কেবিনেটত অনুমোদন।
৩. জিলা সদৰত গ্ৰন্থমেলা আয়োজনৰ বাবে চৰকাৰে দিব ৫লাখ টকাৰ অনুদান। সমজিলাত আয়োজন কৰিলে ২.৫লাখ টকা প্ৰদান কৰিব চৰকাৰে।
৪. বাক্সা জিলাৰ গোৱৰ্ধনাত এটা বিডিঅ অফিচ মুকলি কৰা হ'ব। বি টি আৰত মুঠ ২৩টা বিডিঅ কাৰ্যালয়ে কাম-কাজ কৰিব।
৫. মিছন বসুন্ধৰা ৩.০ৰ কাম সফলতাৰে সম্পন্ন হৈছে। ৩৬হাজাৰ স্কুল-কলেজ, নামঘৰ আৰু চৰকাৰী অনুষ্ঠানৰ নামজাৰি হব।
৬. ৰাজ্যৰ ১০০০ যুৱ লিখকক প্ৰদান কৰা হব ২৫হাজাৰ টকাকৈ। অসম প্ৰকাশন পৰিষদে প্ৰস্তুত কৰিব এই যুৱ লিখকৰ তালিকা।
৭. কিতাপৰ বৰ্ষৰ সৈতে সংগতি ৰাখি ১৬ আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী অনুষ্ঠানত গামোছাৰ সৈতে কিতাপ প্ৰদান কৰাতো বাধ্যতামূলক।
৮. ৰাজ্য চৰকাৰৰ যিমান কৰ্মচাৰী আছে সকলোকে নৱেম্বৰৰ মাহত ১০০০টকাকৈ অতিৰিক্তকৈ প্ৰদান কৰা হব। এই ধনেৰে কিতাপ কিনি তাৰ ৰচিদ জমা দিব লাগিব। ইয়াৰ বাবে ৪০কোটি টকা ধাৰ্য কৰা হৈছে।
৯. ৰাজ্য চৰকাৰে প্ৰকাশ কৰা সুধাকন্ঠৰ জীৱনীমূলক গ্ৰন্থ অসমৰ ১২লাখ পৰিয়ালক প্ৰদান কৰা হ'ব।
১০. ৩৮লাখ অৰুণোদয় লাভ পৰিয়াললৈ পঠোৱা হ'ব বিশেষ কিতাপৰ টোপোলা।