নৱেম্বৰ মাহত ৰাজ্যৰ সকলো কৰ্মচাৰীয়ে দৰমহাৰ সৈতে লাভ কৰিব অতিৰিক্ত ধন...

বৃহস্পতিবাৰৰ অসম চৰকাৰৰ কেবিনেটত ৰাজ্যৰ সকলো কৰ্মচাৰীক লৈ গ্ৰহণ কৰা হয় এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিশেষ ঘোষণাতো সংবাদমেল যোগে সদৰি কৰে।

author-image
Asomiya Pratidin
New Update
dddd

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰৰ অসম চৰকাৰৰ কেবিনেটত ৰাজ্যৰ সকলো কৰ্মচাৰীক লৈ গ্ৰহণ কৰা হয় এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিশেষ ঘোষণাতো সংবাদমেল যোগে সদৰি কৰে। বৃহস্পতিবাৰৰ কেবিনেটত সিদ্ধান্ত লোৱা হয় যে, এই বছৰৰ নৱেম্বৰ মাহত ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীক দৰমহাৰ সৈতে অতিৰিক্তকৈ ১০০০টকাকৈ প্ৰদান কৰা হ'ব।

এই ১০০০টকাৰে কৰ্মচাৰীসকলে ক্ৰয় কৰিব লাগিব কিতাপ। কিতাপ ক্ৰয় কৰা ৰচিদ বিভাগীয় মুৰব্বীক জমা দিব লাগিব। যিসকলে এই ৰচিদ জমা নিদিয়ে তেওঁলোকৰ ডিচেম্বৰ মাহৰ দৰমহাৰ পৰা ১০০০টকাকৈ কাটি থোৱা হ'ব।

ৰাজ্য চৰকাৰে এই আঁচনিৰ বাবে ৪২কোটি টকা ধাৰ্য কৰা হৈছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 

হিমন্ত বিশ্ব শৰ্মা অসম