/asomiyapratidin/media/media_files/2025/09/19/new-ap-web-2-9-2025-09-19-15-47-54.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী। প্ৰিয় শিল্পী গৰাকীৰ মৃত্যুৰ খবৰ পাই আধাতে নিৰ্বাচনী প্ৰচাৰ সামৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ফোনযোগে মুখ্যমন্ত্ৰীক দিছিল জুবিন গাৰ্গ নোহোৱাৰ খবৰ।
আনহাতে বিটিআৰত সকলো নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী বন্ধৰ কথা ঘোষণা কৰিলে ৰাজ্যিক বিজেপিয়ে।উল্লেখযোগ্য যে, আজি আছিল বিটিআৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন।
আনহাতে, সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, "কি কম! ক'বলগীয়া একো শব্দই বিচাৰি পোৱা নাই, জাতিৰ এক অপূৰণীয় ক্ষতি, এক অমূল্য সম্পদ আমি হেৰুৱালো। আমি আজি নিৰ্বাচনী প্ৰচাৰ নকৰো" বুলিও উল্লেখ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।