/asomiyapratidin/media/media_files/2025/10/20/ap-web-cm-2025-10-20-15-43-24.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ SIT ৰ দল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে চিংগাপুৰলৈ ৰাওনা হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, SIT ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই পৰৱৰ্তী সময়ত আহি সংবাদ মাধ্যমক সকলো দিশ অৱগত কৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া বাগৰি অস্থায়ী হেলিপেডৰ পৰা উৰণৰ পূৰ্বে সংবাদ মাধ্যমক এইকথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।
উল্লেখযোগ্য যে, যাৱতীয় অনুমতি লাভৰ পিছত আজি ছিংগাপুৰলৈ SITৰ দল। এই সময়ছোৱাত ছিংগাপুৰ আৰক্ষীৰ সৈতে আলোচনা কৰিব SITৰ শীৰ্ষ বিষয়াই। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত প্ৰতিটো দিশ ছিংগাপুৰ আৰক্ষীৰে আলোচনা কৰিব SITৰ দলটোৱে। SITয়ে ৱাজিদ আহমেদ আৰু য়টৰ দুই নাবিককো জেৰা কৰিব বুলি জানিব পৰা গৈছে।
আনহাতে, ডিচেম্বৰ বা জানুৱাৰী মাহত কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলাৰ স্থাপনৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে ৰাজ্যৱাসীক কালি পূজা দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ লগতে কেশৱ মহন্তই সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যবাসীক দিপাৱলীৰ শুভেচ্ছা জনায়।