/asomiyapratidin/media/media_files/2025/09/11/whatsapp-image-2025-09-11-17-49-58.jpeg)
ডিজিটেল ডেস্কঃ "SITৰ প্ৰতিবেদনখনত যথেষ্ট গুৰুতৰ অভিযোগ আছে৷ এয়া যথেষ্ট চিন্তনীয় বিষয়৷"- এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ বুধবাৰে লাভ কৰা SITৰ প্ৰতিবেদন সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ আজি এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
বহু গুৰুতৰ অভিযোগৰে ভৰা প্ৰতিবেদনখন অসম চৰকাৰৰ কেবিনেট বৈঠকত আলোচনা কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে, "SITৰ প্ৰতিবেদনখন মই যোৱা নিশা অলপ পঢ়িছো ৷ তাত যথেষ্ট গুৰুতৰ অভিযোগ আছে ৷ এয়া যথেষ্ট চিন্তনীয় বিষয় ৷ এই বিষয়ে মই কেবিনেটত আলোচনা কৰিম আৰু প্ৰতিবেদনখনৰ যিমানখিনি পাৰো কনফিডেনচিয়েলখিনিক বাদ দি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিম৷"
ইফালে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, "তেওঁৰ ঘৰত ল’ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী... তেওঁ যিধৰণে কালি নাচিছে, দেখি কিবা অদ্ভূত লগা নাই নে? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন, ধাক্কা মাৰি তেওঁক ষ্টেজৰ পৰা নমাই দিলোহেঁতেন" বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে "মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে ৷ কিন্তু কংগ্ৰেছৰ সভাপতিৰ ঘৰৰ তিনিটা সদস্যই বিদেশী ৷ তেওঁ নাচি-বাগি আছে ৷ অসমৰ মানুহক তেওঁ বুৰ্বক বুলি ভাবিছে নেকি? অসমৰ মানুহ বুৰ্বক নেকি? তেতিয়াহ’লে আমাকো ব্ৰিটিছৰ পাছপৰ্ট বনাই দিয়ক ৷ যদি ব্ৰিটিছতে পাছপৰ্ট হ’ব লাগে চাহ বাগিচাৰ ল’ৰাজনকো ব্ৰিটিছ বনাই দিয়ক ৷ বড়ো, ৰাভা ল’ৰাজনকো ব্ৰিটিছ বনাই দিয়ক ৷ এয়া ফটুৱামি নহয় নেকি" বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে৷ মুখ্যমন্ত্ৰীৰ শেহতীয়া এই মন্তব্যই এতিয়া লাভ কৰিছে ব্যাপক চৰ্চা।