/asomiyapratidin/media/media_files/2025/09/04/new-ap-2025-09-04-18-49-08.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত শিঙৰিজান চাহ বাগিচাত বৃহস্পতিবাৰে অত্যাধুনিকভাৱে নিৰ্মাণ হ'ব লগা কেন্দ্ৰীয় সামুহিক ৰান্ধনিঘৰৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বাগিছাখনত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে শিলান্যাস কৰে কেন্দ্ৰীয় সামুহিক ৰান্ধনি ঘৰৰ।
ইয়াৰ পাছতে অনুষ্ঠিত হোৱা এখন সভাতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ২৫কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই ৰান্ধনিশালৰ জৰিয়তে তেজপুৰ ৰঙাপৰা নদুৱাৰ বৰছলা সমষ্টিৰ প্ৰায় ২৫হাজাৰ ছাত্ৰ ছাত্ৰীক বিশুদ্ধ ভাৱে প্ৰস্তুত কৰা মধ্যস্থ ভোজনৰ আহাৰ যোগান ধৰা হ'ব বুলি ভাষণ প্ৰসংগ মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।
এই অনুষ্ঠানত শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী,বৰছলা সমষ্টিৰ বিধায়ক গনেশ লিম্বু উপস্থিত আছিল। ইফালে, এই সভাতে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ প্ৰতিটো সমষ্টিতে উচ্ছেদ চলিব বুলি উল্লেখ কৰে। আনহাতে, অহা ১০ অক্টোবৰৰ ভিতৰত ৰাজ্যত পুনৰ ৮/৯ হাজাৰ শিক্ষক নিযুক্তি দিয়া হ'ব বুলিও সাংবাদিকৰ আগত জানিবলৈ দিয়ে ড° হিমন্ত বিশ্ব শৰ্মাই।