প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন মাচুল বিতৰ্কক লৈ কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰীৰ

বৃহস্পতিবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে- "কংগ্ৰেছে ধন লওঁতেই ভুল কৰিছে। যোৱাবাৰ তেওঁলোকে ৰিটাৰ্ণ দিম বুলিও ৰিটাৰ্ণ নিদিলে।"

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-05 at 7.19.47 PM

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন মাচুল বিতৰ্কসন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে- "কংগ্ৰেছে ধন লওঁতেই ভুল কৰিছে। যোৱাবাৰ তেওঁলোকে ৰিটাৰ্ণ দিম বুলিও ৰিটাৰ্ণ নিদিলে।"

তেওঁ লগতে সদৰী কৰে যে, "যোৱাবাৰ তেওঁলোকে কৈছিল, য'ত য'ত মিত্ৰতা হ'ব সেই ধন আমি ওভটাই দিম। তেতিয়া ৰিপুন বৰা সভাপতি আছিল। ৰিপুন বৰাই পইছা কেইটা ওভটাই নিদিলে। ক'লে, খৰচ হৈ গ'ল। গতিকে কংগ্ৰেছত যোৱাবাৰৰ পইছা বিচাৰিও মানুহে ফেচবুকত প'ষ্ট কৰিব" বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে, কংগ্ৰেছে এইবাৰ বিধান সভা নিৰ্বাচনৰ বাবে প্ৰতিজন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা আবেদন মাচুল হিচাপে নগদ ৫০,০০০ টকা সংগ্ৰহ কৰিছিল। শেহতীয়াকৈ কংগ্ৰেছৰ একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে টিকট লাভ নকৰাৰ পাছত সামাজিক মাধ্যমত আবেদন মাচুল ওভটাই বিচাৰি পষ্ট কৰিছে। ইয়াকে লৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

অসম প্ৰদেশ কংগ্ৰেছ কংগ্ৰেছ