বিপদত পৰিব নেকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা...

অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ন্যায়ালয়ৰ ৰোষত পৰিব নেকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে একাংশ বিশিষ্ট নাগৰিক।

author-image
Asomiya Pratidin
New Update
new ap web 3.jpg (1)

ডিজিটেল ডেস্কঃ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ন্যায়ালয়ৰ ৰোষত পৰিব নেকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে একাংশ বিশিষ্ট নাগৰিক।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ  মুখ্য ন্যায়াধীশলৈ ইতিমধ্যে কেইবা পৃষ্ঠাজোৰা পত্ৰ প্ৰেৰণ কৰিছে নাগৰিক সমাজে। বিশিষ্ট চিন্তাবিদ  ড০ হীৰেন গোহাঁই সহিতে ৪৩গৰাকী নাগৰিকে স্বাক্ষৰ কৰিছে এই পত্ৰত। তন্ন তন্নকৈ মুখ্যমন্ত্ৰীয়ে কেনেদৰে আৰু কি কি সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰিছে সকলো সবিস্তাৰে উল্লেখ কৰিছে পত্ৰখনত। 

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰা এই পত্ৰত হৃষীকেশ ডেকা, অজিত কুমাৰ ভূঞা, ড০ দুলাল চন্দ্ৰ গোস্বামী, ডি এন শইকীয়া, পৰেশ মালাকাৰ, দীপক গোস্বামী, লক্ষ্মীনাথ তামুলী, জয়ন্ত বৰগোঁহাই সহিতে  ৪৩গৰাকীয়ে স্বাক্ষৰ কৰিছে। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা