/asomiyapratidin/media/media_files/2025/12/20/new-ap-web-5-9-2025-12-20-14-28-17.jpg)
ডিজিটেল ডেস্কঃ কামপুৰত সংঘটিত হোৱা শোকাৱহ ৰে’ল দুৰ্ঘটনাত ৭টাকৈ বন্যহস্তীৰ মৃত্যুৰ খবৰে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উজনিৰ পৰা নামনিলৈ হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
নগাঁৱৰ কামপুৰত সংঘটিত এই ঘটনাৰ তদন্তৰ নিৰ্দেশৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিতকৰণৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পাছতে বন বিভাগে দুৰ্ঘটনা সংঘটিত কৰা ৰে’লখনৰ ইঞ্জিনৰ লগতে দুগৰাকী চালকক আটক কৰে। উল্লেখ কৰা প্ৰয়োজন যে, পুৱতি নিশা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হৈছিল ৭টাকৈ হাতীৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us