/asomiyapratidin/media/media_files/2026/03/01/wdqsqsa-2026-03-01-08-52-24.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 'জন আৰ্শীবাদ যাত্ৰা' শনিবাৰে নিশা ১০ বজাত উপস্থিত হয় ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বালিপৰাত ৷ তাত এক জনসভাৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/01/hcrb3vobeaaqoefffdf-2026-03-01-08-52-01.jpg)
ইয়াৰ পিছতে, মুখ্যমন্ত্ৰী গৰাকী নিশা ১১বজাত প্ৰৱেশ কৰে নদুৱাৰ সমষ্টিৰ চাৰিদুৱাৰত। মুখ্যমন্ত্ৰী গৰাকী নদুৱাৰ সমষ্টিত প্ৰৱেশ কৰাৰ পাছতে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই উষ্ম আদৰণি জনায়। নদুৱাৰ সমষ্টিৰ প্ৰায় পাঁচ সহস্ৰাধিক বিজেপি দলৰ নেতা কৰ্মীয়ে বাইক ৰেলীৰে মুখ্যমন্ত্ৰী গৰাকীক আদৰি আনে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/01/hcrb3w4beaadckr-2026-03-01-08-52-14.jpg)
ইয়াৰ পিছতেই চাৰিদুৱাৰ ফৰেষ্ট গেটৰ ৰংগমঞ্চ প্ৰাংগনত আয়োজিত এখন বিশাল ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰি এইবাৰ.অসমৰ ৰাইজ খিলঞ্জীয়াক প্ৰাধান্য দিয়া চৰকাৰখনৰ লগত আছে বুলি উল্লেখ কৰে। লগতে ২০২৬ৰ নিৰ্বাচনত শাসনাধিষ্ঠ চৰকাৰখনেই পূনৰ দিছপুৰৰ মচনদ দখল কৰিব বুলি মন্তব্য কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাচাই ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us