"হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিলে ৫০শতাংশ আন্দোলন কমি যাব"

"ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিলে ৫০শতাংশ আন্দোলন কমি যাব। পিছে এই আন্দোলন জুবিনক ন্যায় দিয়া আন্দোলন নহয়। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী সজোৱা আন্দোলন।"

author-image
Asomiya Pratidin
New Update
FSFSF

ডিজিটেল সংবাদ, বাক্সাঃ "ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিলে ৫০শতাংশ আন্দোলন কমি যাব। পিছে এই আন্দোলন জুবিনক ন্যায় দিয়া আন্দোলন নহয়। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী সজোৱা আন্দোলন। যোৱা ৪ বছৰত কোনো সুযোগ পোৱা নাছিল।" বাক্সা জিলাৰ নিকাছিত উপস্থিত হৈ এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

নিকাছিত উপস্থিত হৈয়ে বাক্সাৰ ঘটনাৰ মূল দোষী সাংবাদিক বুলি পুনৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে। উল্লেখযোগ্য যে, বাক্সা জিলাৰ নিকাছিত ১৫ অক্টোৱৰত জিলা কাৰাগাৰত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি বাক্সাত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী । 

ইফালে, মুখ্যমন্ত্ৰীয়ে কুৱেৰী চ'কত ৰাইজৰ সৈতে মত বিনিময় কৰি গুলীবিদ্ধ দুয়োজনকে ২লাখ টকাৰ চেক প্ৰদান কৰে।তেওঁ লগতে উল্লেখ কৰে যে, "অভিযুক্তই জামিন পালেহে হুলস্থূল হ'ব লাগিছিল। জামিন নোপোৱা বাবে প্ৰেৰণ কৰা হৈছিল কাৰাগাৰলৈ।গতিকে ন্যায়ৰ প্ৰক্ৰিয়াত চৰকাৰ জয়ী হৈছে। ন্যায়ৰ প্ৰক্ৰিয়াটো মানুহে বুজিব লাগিব। ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব । ফাষ্টট্ৰেক আদালতৰ দ্বাৰা গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব" বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ড০ হিমন্ত বিশ্ব শৰ্মা