একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ আহ্বান স্বয়ং মুখ্যমন্ত্ৰীৰঃ ২৭ লাখ মহিলালৈ ১০ হাজাৰকৈ টকা

আজি বিশ্বনাথ জিলাত একাধিক উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ আহ্বান স্বয়ং মুখ্যমন্ত্ৰীৰঃ ২৭ লাখ মহিলালৈ ১০ হাজাৰকৈ টকা

ডিজিটেল ডেস্কঃ ‘ভাগিনসকলৰ স্বাৰ্থ মোৰ বাবে আটাইতকৈ ওপৰত। আমি শিক্ষাৰ আন্দোলনো কৰিম, গণতন্ত্ৰৰ আন্দোলনো কৰিম’। এই মন্তব্য ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আজি বিশ্বনাথ জিলাত একাধিক উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে।

Advertisment

এই ঘোষণাসমূহৰ ভিতৰত আছে পঞ্চায়ত নিৰ্বাচনৰ দিন, একাদশ শ্ৰেণীৰ ফাদিল হোৱা প্ৰশ্ন কাকতৰ পৰীক্ষা, মহিলা সৱলীকৰণ, বিদ্যুৎ মাচুল ৰেহাইৰ দৰে বিষয়। ফেচবুক লাইভৰ আৰম্ভণিতে ড০ হিমন্ত বিশ্ব শৰ্মাই সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। তাৰ পাছতেই তেওঁ বিশ্বনাথ জিলাৰ উন্নয়নৰ বাবে আজি গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰে।

উল্লেখ্য যে আজি ড০ শৰ্মাই বিশ্বনাথৰ ১৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আৱৰ্ত ভৱন, ১২ কোটি ব্যয়ৰে নিৰ্মাণ কৰা জি এন এম স্কুল, পেৰামেডিকেল ইনষ্টিউট আৰু ছোৱালী হোষ্টেল, ৪ কোটি ব্যয়ৰে নিৰ্মাণ কৰা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহীৰ আৱাসগৃহ, ১ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ট্ৰাইবেল আৱাসগৃহ, ১ কোটি টকাৰে নিৰ্মাণ কৰা গহপুৰৰ সহকাৰী আয়ুক্তৰ আৱাসগৃহ উন্মোচন কৰে। 

তাৰোপৰি বিহালীত ৩২ কোটি ব্যয়ৰে ইণ্ডাষ্ট্ৰীয়েল পাৰ্ক, ৪ কোটি ব্যয়ৰে এক্ৰিডেট ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ এণ্ড অটোমেটেড ড্ৰাইভিং টেষ্ট ট্ৰেকৰ লগতে ৫৯ কোটি টকা ব্যয় সাপেক্ষে বিশ্বনাথ ঘাটৰ পৰা উমাটুমনিলৈ ৰোপৱেৰ শিলন্যাস কৰে।

বিশ্বনাথ ঘাটত নিৰ্মাণ কৰিবলগীয়া এই ৰোপৱেৰ কথা উল্লেখ কৰি তেওঁ খানাপৰাৰ পৰা গুৱাহাটী বিমানবন্দৰলৈ এটা ৰোপৱে স্থাপনৰ সন্দৰ্ভতো আজি অভিযন্তাসকলৰ সৈতে প্ৰাৰম্ভিক আলোচনা কৰাৰ কথা জানিবলৈ দিয়ে। তেওঁ কামাখ্যা ৰে’লৱে ষ্টেচনৰ পৰা মা কামাখ্যা মন্দিৰলৈ যোৱা আন এটা ৰোপৱে ষ্টেচনৰ কাম হাতত লোৱাৰ কথা অৱগত কৰি লাহে লাহে আধুনিক আৰু বিকশিত অসমৰ দিশে অগ্ৰসৰ হোৱাৰ কথা উল্লেখ কৰে।

আনহাতে তেওঁ মঙলবাৰে দিনটোৰ কাৰ্যসূচীৰ সন্দৰ্ভত মন্তব্য কৰিছে। তেওঁ কয়, কালিলৈ বিহালীত মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ শুভাৰম্ভ কৰা হ’ব।এই আঁচনিৰ আধাৰত প্ৰতিগৰাকী মহিলাই ১০ হাজাৰকৈ টকা লাভ কৰিব। বিহালীত কালিলৈ ২৩ হাজাৰ মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিব।

তেওঁ জনোৱা মতে সমগ্ৰ অসমত ২৭ লাখ মহিলাক এই আঁচনিয়ে সামৰি ল’ব। গ্ৰামাঞ্চলৰ মহিলাসকলৰ বাবে এই আঁচনিত ব্যয় হ’ব ২৭০০ কোটি টকা আৰু নগৰ অঞ্চলৰ ৩ লাখ মহিলাক সামৰি লোৱা এই আঁচনিৰ নগৰাঞ্চলৰ মহিলাৰ বাবে ব্যয় হ’ব প্ৰায় ৩০০ কোটি টকা।

অৰুণোদয় আঁচনিৰ পাছতে অসমে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত এই আঁচনিৰ জৰিয়তে এক নতুন খোজ দিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। তাৰোপৰি আজি তেওঁ গহপুৰত কনকলতা বিশ্ববিদ্যালয়ৰ সন্দৰ্ভতো আলোচনা কৰাৰ কথা উল্লেখ কৰে।

বহু চৰ্চিত পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যোৱা মাহতো আমি পঞ্চায়ত নিৰ্বাচন পাতিব পাৰিলো হয়। কিন্তু ল’ৰা-ছোৱালীয়ে পৰীক্ষা দিব নোৱাৰিলে হয়। মোৰ ভাগিনসকলৰ স্বাৰ্থ মোৰ বাবে আটাইতকৈ ওপৰত।

তেওঁ কয়, অহা ২ এপ্ৰিলৰ পৰা ৫ এপ্ৰিলৰ ভিতৰত নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰিব। আমি শিক্ষাৰ আন্দোলনো কৰিম, গণতন্ত্ৰৰ আন্দোলনো কৰিম। কংগ্ৰেছ দলৰ আৰু এটা প্ৰচাৰ অহা ৩/৪ দিনৰ ভিতৰত ভুৱা বুলি প্ৰমাণিত হ’ব।

অহা ২ এপ্ৰিলত যোৰহাটলৈ গৈ যোৰহাট মেডিকেল কলেজৰ সন্মুখৰ উৰণ সেতু উদ্বোধন কৰাৰ কথা উল্লেখ কৰি ড০ শৰ্মাই ২ তাৰিখেই খেল মহাৰণৰো ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা গুৱাহাটীত আনু্ষ্ঠানিকভাৱে উদ্বোধন কৰিব বুলি কয়।

তেওঁ কয়, যেতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব তেতিয়াই আমি একাদশ শ্ৰেণীৰো প্ৰশ্ন কাকত ফাদিল হোৱা তিনিটা পৰীক্ষাও অনুষ্ঠিত কৰিব লাগিব। তেওঁ দুধনৈৰ এগৰাকী ছাত্ৰীৰ কথা উল্লেখ কৰি কয় যে, আমি একাদশ শ্ৰেণীৰ ফাদিল হোৱা  পৰীক্ষাৰ তিনিখন প্ৰশ্ন কাকতৰ কথা চিন্তা কৰিলে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে প্ৰায় ৮ মাহ মানহে সময় পাব।

সেয়ে তেওঁ ছেবাক এই পৰীক্ষা তিনিটা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত পুনৰ এবাৰ বিবেচনা কৰিবলৈ অনুৰোধ কৰে। তেওঁ কয়, মই ভাবো যিহেতু একাদশ শ্ৰেণীৰ পৰীক্ষাত পাছ আৰু ফেইল ব্যৱস্থা নাই গতিকে ছেবাই এই বছৰ বাকী ৰৈ যোৱা প্ৰশ্ন কাকত কেইখনৰ ওপৰত পৰীক্ষা নাপাতিলেও হ’ব।

অহা বছৰলৈ আমি একাদশ শ্ৰেণীৰ পৰীক্ষা কেনেদৰে কঠোৰভাৱে নিয়ন্ত্ৰীতভাৱে অনুষ্ঠিত কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম আৰু যিয়ে প্ৰশ্ন কাকত ফাদিল কৰিলে তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰিম। কোনোবা দুই, এজন দুৰ্বৃত্তৰ বাবে গোটেই ছাত্ৰ-ছাত্ৰীসকল কিয় চিন্তাত থাকিব লাগে? তাৰ কোনো যুক্তিও নাই।

তেওঁ কয়, যিহেতু পঞ্চায়ত নিৰ্বাচনো অনুষ্ঠিত হ’ব সেয়ে মে’ মাহত পৰীক্ষা পাতিলে দ্বাদশ শ্ৰেণীৰ বাবে কেতিয়া প্ৰস্ততি চলাব? সেয়ে তেওঁ বিষয়টো পুনৰ এবাৰ বিবেচনা কৰিবলৈ ব’ৰ্ড আৰু শিক্ষা বিভাগক অনুৰোধ জনায়।

বাজেট ঘোষণা অনুসৰিয়েই মঙলবাৰৰ পৰা ঘৰুৱা বিদ্যুৎ গ্ৰাহকসকলৰ প্ৰতি ইউনিটত এটাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত কাৰ্যকৰী হ’ব। কালিৰ পৰা বিদ্যুতৰ মাচুল কমিলেও ইয়াৰ ফলাফল মে’ মাহত হে পাব। 

উদ্যোগখণ্ডৰ বাবে বিদ্যুৎ মাচুল ২৫ পইচা হ্ৰাস কৰা হৈছে। স্মাৰ্ট মিটাৰৰ ব্যৱহাৰৰ বাবে আজি ইলেক্ট্ৰিচিটি ব’ৰ্ডে ভাল ফলাফল লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়, ৰাজ্যৰ ৩০ লাখ গ্ৰাহকে স্মাৰ্ট মিটাৰ গ্ৰহণ কৰাৰ বাবে ৰাজহ বৃদ্ধি পাইছে আৰু বিদ্যুতৰ সদ ব্যৱহাৰৰ ফলত প্ৰতিগৰাকী গ্ৰাহক উপকৃত হৈছে। তাৰ বাবেই বিদ্যুৎ মাচুল এটকা হ্ৰাস কৰিবলৈ সক্ষম হৈছো। এই বছৰৰ শেষৰ ফালে আৰু এটকা হ্ৰাস কৰিবলৈ বা এটকা নোৱাৰিলেও ৫০ পইচা হ্ৰাস কৰিবলৈ চেষ্টা কৰিম।

আজিৰ এই ফেচবুক লাইভত তেওঁ কৃষকসকলক কৃষি সামগ্ৰীত নূন্যতম সমৰ্থিত মূল্য প্ৰদান কৰি প্ৰতি কুইণ্টল ধানত ২৫৫০ টকাকৈ দিব বুলি কয়। সৰিয়হৰ ক্ষেত্ৰত  প্ৰতি কুইণ্টলত ৬৪৫০ টকাকৈ প্ৰদান কৰিব।

ইফালে নীট পৰীক্ষা সন্দৰ্ভত কয়, এতিয়াৰে পৰা নীট পৰীক্ষা চৰকাৰী বিদ্যালয়তহে অনুষ্ঠিত হ’ব। কোনো ব্যক্তিগত প্ৰতিষ্ঠানত এই পৰীক্ষা অনুষ্ঠিত নহ’ব। মেধাবী ছাত্ৰ-ছাত্ৰীক ন্যায় প্ৰদানৰ বাবেই এই ব্যৱস্থা।
ফেচবুক লাইভতে তেওঁ ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ মৎস্য চিকাৰ নকৰিবলৈয়ো আহ্বান তেওঁ এই সময়ছোৱাত ঘন জালেৰে মাছ নধৰিবলৈ আহ্বান জনাইছে।

ড০ হিমন্ত বিশ্ব শৰ্মা পঞ্চায়ত নিৰ্বাচন