মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভঃ জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ ভিত্তিতে SIT-য়ে দাখিল কৰিব চাৰ্জশ্বীট...

ন্যায়িক তদন্ত আয়োগত সমালোচনা কৰা সকলে সাক্ষ্যদান কিয় কৰা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে, অসমক নেপাল বনোৱাৰ ষড়যন্ত্র আছিল। চাৰ্জশ্বীট দিয়াৰ পিছত সমালোচনা কৰা সকলক মই প্রশ্ন কৰিম। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ   "১০ ডিচেম্বৰৰ পূৰ্বে SIT-য়ে জুবিন গাৰ্গৰ মত্যুৰ চাৰ্জশ্বীট দাখিল কৰিব। হত্যাৰ গোচৰৰ ভিত্তিতে SIT-য়ে দাখিল কৰিব চাৰ্জশ্বীট। ‘চাৰ্জশ্বীট সম্পৰ্কে মুখ্যমন্ত্রীয়ে কেনেকৈ জানে বুলি একাংশই প্রশ্ন কৰি আছে,সমালোচনা কৰা সকলে প্রকৃত কথা বুজিবলৈ চেষ্টা নকৰে"- আজি ফেচবুক লাইভযোগে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ লগতে ন্যায়িক তদন্ত আয়োগত সমালোচনা কৰা সকলে সাক্ষ্যদান কিয় কৰা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে, অসমক নেপাল বনোৱাৰ ষড়যন্ত্র আছিল। চাৰ্জশ্বীট দিয়াৰ পিছত সমালোচনা কৰা সকলক মই প্রশ্ন কৰিম। 

আনহাতে বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ ক্ষেত্রত চৰকাৰৰ পদক্ষেপ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, অসম চৰকাৰ আৰু লণ্ডনৰ সংগ্রহালয়ৰ মাজত চুক্তি স্বাক্ষৰ হ’ব। ছমাহৰ বাবে অসমলৈ বৃন্দাবনী বস্ত্রখন অনা হ’ব। ১৬ আৰু ১৭ নৱেম্বৰত লণ্ডনত আলোচনাত মিলিত হ’ব মুখ্যমন্ত্রী। 

তাৰোপৰি ৯ নৱেম্বৰৰ ভাৰতীয় বায়ু সেনাৰ অনুষ্ঠান সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয়, অপাৰেশ্যন সিন্দূৰ সফল কৰা ৰাফেল গুৱাহাটীৰ আকাশত উৰিব। ৯ নৱেম্বৰত হ’বলগীয়া এয়াৰ শ্ব’ত প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে অংশগ্রহণ কৰিব। 

২০২৫ চনত স্নাতক উত্তীৰ্ণসকলক চৰকাৰে মাহিলী ভাট্টা প্রদান কৰিব বুলিও ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে জানিবলৈ দিয়ে। এবছৰৰ বাবে প্রতি মাহত ২,৫০০ টকা দিব চৰকাৰে। ৯ নৱেম্বৰত প্রাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রীৰ নিযুক্তি পত্র প্রদান কৰা লগতে নৱেম্বৰ মাহৰ ভিতৰতে আৰক্ষী কনিষ্টবল পদৰো নিযুক্তি হ’ব বুলি জানিব দিয়ে মুখ্যমন্ত্ৰীয়ে।

তাৰোপৰি চলিত মাহতে আৰক্ষীৰ ৪০০০ পদৰ বাবে বিজ্ঞাপন দিয়া হ’ব। ডিচেম্বৰৰ প্রথম সপ্তাহৰ ভিতৰত ADREৰ নিযুক্তি পত্র প্রদান কৰা হ’ব লগতে স্বাস্থ্য বিভাগৰ নিযুক্তি চলিত মাহৰ ভিতৰতে হ’ব বুলিও ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে জানিবলৈ দিয়ে। 

জুবিন গাৰ্গ