/asomiyapratidin/media/media_files/2025/09/18/hbs-18-2025-09-18-23-32-16.jpg)
ডিজিটেল সংবাদ ওদালগুৰিঃ পঞ্চম বিটিচি নিৰ্বাচনলৈ মাজত মাথো তিনিটা দিন বাকী থকাৰ সময়তে আজি ওদালগুৰিত এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। জিলাখনৰ ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী মিনন মছাহাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে মিনন মছাহাৰীক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আজি পুৱাৰে পৰা বাক্সা, ওদালগুৰিৰ বিভিন্ন প্ৰান্তত উপস্থিত হওঁ। এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত। ৰাইজে ট্ৰেক্টৰকো সুবিধা দিলে, নাঙলকো সুবিধা দিলে এইবাৰ পদুমক ভোট দিব।
তেওঁ আৰু কয়, বিটিচিৰ মহিলাক অৰুণোদয়, মহিলা উদ্যোমিতা পাইছেনে নাই সোধাত তেওঁলোকে নাইপোৱা বুলি কয়। এইবাৰ পদুম ফুলৰ চৰকাৰ আনি নাইপোৱাটো পোৱালৈ সলনি কৰিম। ট্ৰেক্টৰক ভোট দিলে একে থাকিব, নাঙলক ভোট দিলে একে থাকিব কিন্তু পদুমক ভোট দিলে পৰিৱৰ্তনৰ জৰিয়তে সকলো আগুৱাই যাব পাৰিব। সেয়েহে এইবাৰ সকলোৱে মিনন মছাহাৰীক ভৈৰৱকুণ্ডত ভোট দি জয়যুক্ত কৰক।
ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা ওদালগুৰি চহৰৰ মাজেৰে কেইৱা সহস্ৰাধিক সমৰ্থকৰ সৈতে সমদল বাহিৰ কৰে। সমদলটোৱে ওদালগুৰি ৰামজানকী মন্দিৰত উপস্থিত হোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক সম্বোধন কৰি বিজেপিক ভোট দি অঞ্চলটোলৈ পৰিৱৰ্তন অনাৰ বাবে অনুৰোধ জনায়।
আজিৰ এই সমদলত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, বিধায়ক ৰূপক শৰ্মা, বিজেপি নেতা ৰূপম গোস্বামী, ভৈৰৱকুণ্ড সমষ্টিৰ প্ৰাৰ্থী মিনন মছাহাৰীকে প্ৰমুখ্য কৰি বিজেপিৰ নেতাসকল উপস্থিত থাকে।