মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ Lamborghini উপহাৰ অনুৰাগীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ Lamborghini উপহাৰ অনুৰাগীৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ Lamborghini উপহাৰ অনুৰাগীৰ

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ উপহাৰ। মুখ্যমন্ত্ৰীগৰাকীৰ এজন অনুৰাগীয়ে সাজি উলিওৱা এখন বিশেষ বাহন আজি অনুৰাগীজনৰ পৰা জনতা ভৱনত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কৰিমগঞ্জৰ নৰুল হক নামৰ মুখ্যমন্ত্ৰীৰ অনুৰাগীজনে সাজি উলিওৱা এই বিশেষ বাহনখন ইতিপূৰ্বে কেবিনেট বৈঠকত অংশগ্ৰহণৰ বাবে বৰাকলৈ যোৱাৰ সময়তে মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষ কৰাৰ লগতে চলাই চাইছিল। ইয়াৰ পিছতে এই বাহনখন তেওঁক উপহাৰ হিচাপে আগবঢ়াবলৈ গুৱাহাটী পাইহি নুৰুৰ হক।

পেছাত মেকানিক নুৰুলে মাৰুতি চুইফট বাহন এখন পুনৰ নিৰ্মাণ কৰি লেম্বৰগিনী এছ চি ২০ মডেলৰ ৰূপ দিছে। তেওঁ নিজৰ গেৰেজতে এই বাহনখন পুনৰ নিৰ্মাণ কৰিছে। ইয়াৰ বাবে তেওঁ ১০ লাখ টকা ব্যয় কৰাৰ লগতে প্ৰায় ৪ মাহ সময় লৈছিল।

নুৰুল হকৰ পৰা এই উপহাৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত লিখিছে এইদৰে- Delighted to receive a modified Lamborghini lookalike car from innovator Nurul Haque of Anipur, Karimganj. My best wishes to him in all his future endeavours.

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in