/asomiyapratidin/media/media_files/2025/07/06/whatsapp-image-2025-07-06-20-51-16.jpeg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ বিটিআৰ চুক্তিৰ দফা ৰূপায়ণ আৰু বড়ো মাধ্যমৰ সমস্যাবোৰ সমাধান কৰাৰ উদ্দেশ্যে আজি দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত বহে নিখিল বড়ো ছাত্ৰ সন্থা।
দিনৰ ১ বজাত অনুষ্ঠিত হোৱা উক্ত আলোচনাখনত উপস্থিত থাকে কেবিনেট মন্ত্ৰী উৰ্খাও গোৰা ব্ৰহ্ম, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়া সকল। মুখ্যমন্ত্ৰী শৰ্মাই সঞ্চালনা কৰা আলোচনাত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োই নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি সকলক নেতৃত্ব দিয়ে।
লক্ষ্যণীয় যে, আজিৰ আলোচনাত বিটিআৰ চুক্তিৰ ৩.১ৰ (i)(iii) দফাৰ লগতে ৪.৩,৫.১,৫.৩,৬.১,৬.৩, ৬.৫,৭.১,৮.৪,৯.৪ আৰু ১০.২ দফাবোৰৰ ওপৰত বিতং ভাবে আলোচনা কৰে।
আলোচনাত নিখিল বড়ো ছাত্ৰ সন্থাৰ ক্ৰমে উপদেষ্টা বি সোমখোৰ বসুমতাৰী, উপ সভাপতি খোৰোমদাও ওৱাৰী, উমেশ দৈমাৰী, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, সহকাৰী সাধাৰণ সম্পাদক দীনেশ ব্ৰহ্ম , সম্পাদক আনান্দ দৈমাৰী, বিৰদাও বড়ো, বডোসা ব্ৰহ্ম , বিৰখাং নাৰ্জাৰী, অধ্যক্ষ অবিত নাৰ্জাৰী উপস্থিত থাকে।
লগতে জনসম্পৰ্ক সম্পাদক সোমদোন ব্ৰহ্ম, নিতু বড়ো, সাংস্কৃতিক সম্পাদক সুসিল ইচলাৰী, শিক্ষা সম্পাদক সোমাওছাৰ বসুমতাৰী, সহকাৰী শিক্ষা সম্পাদক বিশ্বজিত নাৰ্জাৰী, বৃত্ত সম্পাদক সৰোঞ্জিত নাৰজিনাৰী, তৰ্ক সম্পাদক ড০ সিবিসন নাৰ্জাৰী আৰু সহকাৰী ক্ৰীড়া সম্পাদক পুৰ্ণজিত বসুমতাৰীও আলোচনাত অংশ লয়।