/asomiyapratidin/media/media_files/2025/09/09/web-ap-cm-1-2025-09-09-16-46-17.jpg)
ডিজিটেল সংবাদ মঙলদৈঃ অহা ১৪ ছেপ্তেম্বৰত মঙলদৈত অনুষ্ঠিত হ’বলগীয়া এখন বিশাল সভাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই সভাৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে জনতাক সম্বোধন কৰিব।
সেই উপলক্ষে এই অনুষ্ঠানৰ সকলো প্ৰস্তুতিৰ তদাৰক কৰিছে স্বয়ং মুখ্যমন্ত্ৰীয়ে। আজি মুখ্যমন্ত্ৰীগৰাকী এই উপলক্ষে মঙলদৈত উপস্থিত হয়। মঙলদৈত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰস্তুতিৰ সকলো বিষয় চোৱাচিতা কৰে।
উল্লেখ্য যে, এই সভাৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে তিনিটা বিশেষ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই প্ৰকল্প তিনিটা ক্ৰমে মঙলদৈৰ প্ৰস্তাৱিত মেডিকেল কলেজ, ব্ৰহ্মপুত্ৰৰ ওপৰত কুৰুৱা-নাৰেঙ্গী সংযোগী দলং আৰু গুৱাহাটীৰ ৰিং ৰোড।
জানিব পৰা মতে প্ৰায় ডেৰ লাখ লোকৰ সমাগম হ’ব এই সভাখনত। ইফালে মঙলদৈত উপস্থিত হোৱাৰ পিছতে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই কংগ্ৰেছত যোগদানৰ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
তেওঁ বিনন্দ শইকীয়াক কংগ্ৰেছত যোগদানৰ বাবে শুভেচ্ছ জ্ঞাপন কৰিছে। অৱশ্যে ১০ ছেপ্তেম্বৰত গৌৰৱ গগৈৰ বিৰুদ্ধে তেওঁ যি বিস্ফোৰণ ঘটাব বুলি কৈছিল সেই সন্দৰ্ভত কৰা প্ৰশ্ন এৰাই চলিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।