/asomiyapratidin/media/media_files/2025/08/31/228-2025-08-31-22-40-52.jpg)
ডিজিটেল সংবাদ, শিলচৰ : অসমক সুৰক্ষিত ৰখাৰ স্বাৰ্থত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পিচত এইবাৰ বৰাক উপত্যকাতো আৰম্ভ হ'ব উচ্ছেদ অভিযান। অসমৰ বিভিন্ন বনাঞ্চল বে-দখল কৰা বিদেশীক ইতিমধ্যে উচ্ছেদ কৰি বনাঞ্চলসমূহ মুকলি কৰা হৈছে।
এতিয়া বৰাক উপত্যকাৰ বনাঞ্চল বেদখল কৰা অভাৰতীয় লোকসকলৰ বিৰুদ্ধেও শীঘ্ৰেই উচ্ছেদ অভিযান আৰম্ভ হ'ব। কোনো বিদেশীকে ভাৰতৰ মাটিত থাকিবলৈ দিয়া নহ’ব। বেদখলকাৰীসকলৰ বিৰুদ্ধে এই হুচিয়াৰী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
দেওবাৰে শিলচৰত নেতাজী সুভাষচন্দ্ৰ বসুৰ এটি মুৰ্তি উন্মোচন কৰি দিয়া ভাষণত এইদৰে বনাঞ্চল বেদখল কৰা লোক সকলক উদ্দ্যেশ্যি মুখ্যমন্ত্ৰীয়ে হুংকাৰ প্ৰদান কৰে। ইফালে, বৰাক উপত্যকাৰ হিন্দু বাঙালীসকলৰ সকলো সমস্যা সমাধান কৰিবলৈ বদ্ধপৰিকৰ বিজেপি চৰকাৰ বুলি মন্তব্য কৰে তেওঁ।
বৰাক উপত্যকাৰ মানুহে সদায় উন্নয়ণ পাব, বিকাশ পাব আৰু চাৰিওফালৰ পৰা সুৰক্ষা লাভ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। ইতিমধ্যে বৰাকবাসীৰ আধাৰ কাৰ্ডৰ সমস্যা সমাধান কৰা হৈছে। বাকী সকলো সমস্যা সমাধান কৰিবলৈ বিজেপি চৰকাৰে দায়িত্ব লৈছে।
গতিকে অসমৰ মাটি আৰু ভেঁটি সুৰক্ষিত কৰি অসমীয়া, বাঙালী, হিন্দীভাষীসহ সকলোৱে যাতে অসমত শান্তি আৰু মিলাপ্ৰীতি আৰু সমন্বয়েৰে বাস কৰিব পাৰে, তাৰ বাবে সকলোৰে আশীৰ্বাদ কামনা কৰে মুখ্যমন্ত্ৰীয়ে।