নদুৱাৰ সমষ্টিত ৩০,১৪৫ গৰাকী মহিলাক চেক বিতৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে

অসম চৰকাৰৰ উদ্যমিতা আঁচনিৰ অধীনত ১০,০০০ টকাৰ উদ্যমিতা পুঁজি প্ৰদান অনুষ্ঠানৰ বাবে আজি নদুৱাৰ সমষ্টিত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

author-image
Asomiya Pratidin
New Update
FTRYHTHGFFG

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ অসম চৰকাৰৰ উদ্যমিতা আঁচনিৰ অধীনত ১০,০০০ টকাৰ উদ্যমিতা পুঁজি প্ৰদান অনুষ্ঠানৰ বাবে আজি নদুৱাৰ সমষ্টিত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ স্থলী পকামূৰা পথাৰত অনুষ্ঠিত হোৱা বিশাল সভাত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। উল্লেখযোগ্য যে, নদুৱাৰ সমষ্টিৰ ৩০,০৪৫ গৰাকী মহিলাই লাভ কৰিছে উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন।

CaptureCDCDC

ইফালে, মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্টশ্বিট ১৭ডিচেম্বৰৰ পৰিবৰ্তে ৮ ডিচেম্বৰৰ ভিতৰত দাখিল কৰাৰ সম্ভবনা ব্যক্ত কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থকালৈকে অসমত মিঞা টেনশ্বনত থাকিব লাগিব বুলিত কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

নদুৱাৰ সমষ্টিৰ বিধায়ক পন্ম হাজৰিকাই আতঁধৰা অনুষ্ঠানত অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বৰচলাৰ বিধায়ক গনেশ লিম্বু, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাৰ উপস্থিত আছিল।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা