/asomiyapratidin/media/media_files/2025/12/10/dfdfd-2025-12-10-20-52-15.jpg)
ডিজিটেল সংবাদ, নামৰূপঃ নামৰূপত স্থাপন হ'বলগীয়া ১২,০০০ কোটি টকা ব্যয়সাপেক্ষ এম'নিয়া-ইউৰিয়া প্ৰকল্পটোৰ অহা ২১ ডিচেম্বৰত নামৰূপত আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী উপস্থিত থাকিব লগীয়া এই আধাৰশিলা স্থাপন অনুষ্ঠানৰ বাবে নামৰূপৰ হাপজান, কছাৰীপথাৰ অঞ্চলৰ এক বিশাল ভূমি সভাথলীৰ বাবে সাজু কৰা হৈছে। দিনে ৰাতিয়ে ব্যাপক তৎপৰতাৰে সাজু কৰি তোলা এই কাৰ্যসূচীৰ বুজ লবলৈ আজি বিয়লি নামৰূপত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/whatsapp-image-20-2025-12-10-20-52-34.jpeg)
মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্মাণৰত সভাথলীত উপস্থিত হৈ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে সকলো কামৰ খতিয়ান লয়। আজি সভাথলী পৰিদৰ্শন কৰি তেওঁ কয় যে, অসমৰ ঔদ্যোগিক তথা সামাজিক ক্ষেত্ৰৰ বাবে ই এক যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত হ'ব আৰু এই উদ্যোগটোৱে ভাৰতক সাৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিব। আনহাতে, দেশৰ অৰ্থনীতিত ই গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিব৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/whatsapp-image-2025-12-10-20-52-54.jpeg)
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২১ ডিচেম্বৰত এই প্ৰকল্পটোৰ শিলান্যাস কৰি অসমবাসীক ধন্য কৰিব ৷ আজিৰ মুখ্যমন্ত্ৰীৰ এই কাৰ্যসূচীত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, মন্ত্ৰী পীযুষ হাজৰীকা, দুলীয়াজানৰ বিধায়ক তেৰশ গোৱালাৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/whatsapp-image-2025-12-10-21-40-48.jpeg)
আনহাতে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি নামৰূপত ভাৰতীয় জনতা পাৰ্টীৰ নাহৰকটীয়া সমষ্টিৰ জয়পুৰ মণ্ডলৰ কাৰ্যালয় ভৱনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। আৰম্ভণিতে ভাৰতীয় জনতা পাৰ্টি জয়পুৰ মণ্ডলৰ সভাপতি মৃদুল কলিতাই মণ্ডলৰ স্থায়ী কাৰ্য্যালয়ৰ গৃহ প্ৰৱেশ পূজা সুচাৰুৰূপে সম্পন্ন কৰে। এই মাংগলিক অনুষ্ঠানত মণ্ডলৰ সকলোস্তৰৰ কৰ্মী আৰু শুভাকাঙ্ক্ষীসকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us