/asomiyapratidin/media/media_files/2025/11/01/108-2025-11-01-18-43-08.jpg)
ডিজিটেল ডেস্ক : । কাৰণ মোৰ ইয়াৰ পৰা পলিটিকেল মাইলেজ ল'বলগীয়া নাই । প্ৰথমতে ৰাইজ, পিছত ৰজা । - এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । জুবিন গাৰ্গৰ অন্তিমখন ছবি উপভোগ কৰাৰ প্ৰসংগত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।
এই সন্দৰ্ভত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় - ৰাইজে আগত চাব, মই পিছত চাম । যিসকলে ভাবে মই ৰজা হ'ব লাগে তেওঁলোকে আগতেই গৈ চাইছে । সেই ছীট কেইটা কোনোবা সাধাৰণ মানুহে পালেহেতেন, তেওঁলোকে পালি-প্ৰহৰী লৈ গৈ চাইছে । সদায় মনত ৰাখিব, জুবিন ৰাইজৰ সম্পত্তি আছিল, ৰজাৰ সম্পত্তি নাছিল । গতিকে ৰজা পিছত থাকিব ৰাইজ আগত থাকিব ।"
উল্লেখ কৰা প্ৰয়োজন যে, মৰিগাঁৱৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত মিকিৰভেটা খেলপথাৰত আয়োজিত মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদানৰ বৃহৎ ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহন কৰি এইদৰে সাংবাদিকৰ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰ্বমুঠ ৩৬ হেজাৰ গৰাকী অৰ্হতাসম্পন্ন আত্মসহায়ক গোটৰ সদস্যাৰ হাতত 'মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা' আঁচনিৰ অধীনত ১০,০০০ টকাৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us