হ’ব নেকি পূৰণ সপোন! মুখ্যমন্ত্ৰী পদৰ যোগ্য প্ৰাৰ্থী হিমন্তঃ পীয়ুষ…

হ’ব নেকি পূৰণ সপোন! মুখ্যমন্ত্ৰী পদৰ যোগ্য প্ৰাৰ্থী হিমন্তঃ পীয়ুষ…

author-image
asomiyapratidin
New Update
হ’ব নেকি পূৰণ সপোন! মুখ্যমন্ত্ৰী পদৰ যোগ্য প্ৰাৰ্থী হিমন্তঃ পীয়ুষ…

২০২১ৰ অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব? এই বিষয়ক লৈ ৰাজ্যৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভিতৰি সংঘাত আছে বুলি চৰ্চা হৈ আহিছে। এনে সময়তে ৰাজ্যৰ এগৰাকী মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্যক লৈ পুনৰ অধিক চৰ্চালৈ আহিছে এই বিষয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ বিশেষ প্ৰতিবেদন…

Advertisment

অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হব নেকি হিমন্ত বিশ্ব শৰ্মা।মুখ্যমন্ত্ৰী হব পৰাকৈ হিমন্ত বিশ্ব শৰ্মাৰ আছে সকলো দক্ষতা। ২০বছৰ ধৰি তেওঁ এজন সফল মন্ত্ৰী। এই মন্তব্য কৰিলে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰে এজন মন্ত্ৰীয়ে।

ৰাজ্যৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভিতৰি সংঘাত আছে বুলি চৰ্চা হৈ আহিছে। আনকি দিছপুৰতো মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্বৰ নিজৰ নিজৰ লবী আছে বুলি আলোচনা চলে। কোন কেন্দ্ৰীয় নেতৃত্বৰ ওচৰৰ মানুহ তাৰ প্ৰদৰ্শনক লৈও প্ৰতিযোগিতা চলে বুলি চৰ্চা হোৱাৰ মাজতেই হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত মন্ত্ৰী পীয়ুষ হাজৰিকাই এই মন্তব্যই বিজেপিৰ ভিতৰচৰাত জোকাৰণিৰ সৃষ্টি কৰিছে।

মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত মন্তব্য কৰি কৈছিল যে, মুখ্যমন্ত্ৰী হব পৰাকৈ হিমন্ত বিশ্ব শৰ্মা এজন যোগ্য ব্যক্তি। লগতে তেওঁ এই সিদ্ধান্ত দল আৰু বিধায়কে লব বুলিও উল্লেখ কৰিছিল।

কৌশলপূৰ্ণভাৱে হিমন্ত বিশ্ব শৰ্মাক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে এইদৰে পীয়ুষ হাজৰিকাই প্ৰক্ষেপ কৰিলে নেকি বুলিও চৰ্চা চলিছে। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ এজন উচ্চস্তৰীয় বিষয়াৰ সৈতে যোগাযোগ কৰাত বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ তেওঁ অস্বীকাৰ কৰে।

অৱশ্যে তেওঁ কয়, পীয়ুষ হাজৰিকাই বিচাৰিলে কোনো মুখ্যমন্ত্ৰী হৈ নাযায়। কি প্ৰসংগত তেওঁ এই মন্তব্য কৰিলে সেয়াও চাব লাগিব। ইফালে তেজপুৰ সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসেও হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ বাবে যোগ্য ব্যক্তি বুলি মন্তব্য কৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বৰ্তমান বিজেপিৰ এই চৰকাৰৰ ভিতৰচৰাত ২০২১ৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ এনে সংঘাত ৰাজহুৱা হোৱাৰ পাছত দলটোৰ নেৃতৃত্বি কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হব। হিমন্ত বিশ্বৰ অতিকৈ ঘনিষ্ঠ পীয়ুষ হাজৰিকা আৰু সাংসদ পল্লৱলোচন দাসৰ এনে মন্তব্যৰ পাছত এই কথা এই কথা অনুমান কৰা হৈছে যে, বিভিন্ন সভাত হিমন্ত বিশ্ব শৰ্মাকে মুখ্যমন্ত্ৰী বুলি সম্বোধন কৰাৰ আঁৰত তেনে কিছু দৃষ্টিভংগীও লুকাই থাকিব।

যি প্ৰসংগতেই নহওক, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বাবে যোগ্য বুলি ৰাজহুৱাভাৱে সোণোৱাল চৰকাৰৰে এজন মন্ত্ৰীয়ে ঘোষণা কৰাত অস্বতিত পৰিব মুখ্যমন্ত্ৰীগৰাকী। বিৰোধীয়ে এই সুযোগ গ্ৰহণ কৰি সোণোৱালক মুখ্যমন্ত্ৰীৰূপে বিফলবুলি প্ৰতিষ্ঠা কৰাৰ বাট মুকলি কৰি দিলে তেওঁৰে মন্ত্ৰীসভাৰ সদস্যই। এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিবেদন লক্ষ্যণীয় হব।