/asomiyapratidin/media/media_files/2025/09/11/ujjjd-2025-09-11-23-36-20.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ সমাগত বিটিচি নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ মাজতে আজি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী মিনন মছাহাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। সমষ্টিটোৰ শান্তিপুৰত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেইৱা সহস্ৰাধিক ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। তেওঁ কয়, ২০০৩ চনত বিটিচি গঠন হৈছিল। সেই সময়ৰ পৰা আজিলৈ এই অঞ্চলৰ লোকে বিপিএফকো চালে আৰু ইউপিপিএলকো চালে।
পূৰ্ৱতে বিটিচিত হয় বিপিএফ নহ'লে ইউপিপিএল দল জিকিব বুলি ৰাইজে চৰ্চা কৰিছিল। কিন্তু যোৱা বিটিআৰ নিৰ্বাচনত বিটিআৰৰ ৰাইজে বিজেপিক নখনকৈ আসনত জয়লাভ কৰালে। এইবাৰ আমি বিটিচিৰ সকলো জিলাতে নিৰ্বাচন খেলিছো। ৰাজে আমাক আশীৰ্বাদ দিলে এইবাৰ বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰিব বিচাৰো। কাৰণ অসমৰ ৰাইজ আজি যিমান আগবাঢ়ি যাব পাৰিছে, বিটিচিৰ ৰাইজ সিমান আগবাঢ়িব পৰা নাই। অসমৰ সকলো শ্ৰেণীৰ ৰাইজে ভূমিপট্টা লাভ কৰিছে। কিন্তু বিটিআৰৰ ৰাইজে আজিও ভূমিৰ বাবে চিন্তা কৰি থাকিবলগীয়া হৈছে।
বিটিচি গঠনৰ পূৰ্ৱৰে পৰা থকা লোকসকলো আজি শংকাত ভুগি আছে। অসম চৰকাৰে বিটিচিক পৰ্যাপ্ত টকা দি থকাৰ পিছতো ইয়াৰ সমস্যা সমাধান হোৱা নাই। বিটিচিৰ ৰাইজ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। গতিকে বিটিচিত যদি এইবাৰ বিজেপিৰ চৰকাৰ আহে, তেন্তে ইয়াত বাস কৰা ২৬ টা জনগোষ্ঠীক সমানে আগুৱাই লৈ যাম, সকলোকে সমান অধিকাৰ দিম। যদি বিটিচিত অকল বিজেপি দলৰ চৰকাৰ থাকিলহেতেন, তেন্তে ৰাইজ আজি শংকাত ভুগি থাকিবলগীয়া নহ'লহেতেন। বিটিচিত অৰুণোদয়, চৰকাৰী ঘৰ পাব লাগিলে ভিচিডিচিক টকা দিবলগীয়া হয়। আনকি চৰকাৰে প্ৰদান কৰা ৰেচনৰ সামগ্ৰীও এই অঞ্চলৰ ৰাইজে সম্পূৰ্ণভাৱে নাপায়।
ঘৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে আৰু লিষ্ট বনাই ভিচিডিচিয়ে। বিটিচিত বিজেপিৰ চৰকাৰ আহিলে সকলো ভিচিডিচিক গাতৰ তলত সোমোৱাই দিম। বিটিচিত বিজেপি চৰকাৰ আহিলে সকলো কথা মই চিন্তা কৰিম, মই ৰাইজৰ কাম কৰিম। বিটিচিত সকলো আচনি পাব লাগিলে টকা দিব লাগে। এই ব্যৱস্থাৰ পৰিবৰ্তন হব লাগিব। বিটিচিত এবা বিজেপিৰ চৰকাৰ আহিলে ৰাইজৰ মনৰ পৰা ভয়-শংকা দূৰ হৈ যাব। আমি অসমত বিহু পাতিছো, ঝুমুৰ পাতিছো, বাগুৰুম্বা পাতিম তাৰ পিছত আন জনগোষ্ঠীৰ পাতিম। এনেদৰে অসমত আমি সকলোকে আগুৱাই নিব বিচাৰিছো।
কিন্তু বিটিচিত বিজেপিৰ চৰকাৰ নথকাৰ বাবে আমি আগবাঢ়িব পৰা নাই। বিপিএফ-ইউপিপিএলক ভোট দিলে আগৰ দৰেই থাকিব, কিন্তু বিজেপিক এবাৰ ভোট দি চৰকাৰ গঠন কৰিলে কোনোৱাই দুখ-কষ্টত থাকিব নালাগে। মই মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিটিচিত শান্তি আনিম বুলি কৈছিলো, শান্তি আনিলো। অস্ত্ৰশস্ত্ৰ নোহোৱা কৰি ঘৰৰ ল'ৰা ঘৰলৈ লৈ আনিলো। শান্তি আহিল কিন্তু এইবাৰ আমাক প্ৰগতি, বিকাশ, অধিকাৰ লাগে। বিটিচিৰ পৰিৱৰ্তনৰ আশাৰে আমি দূৰৰ পৰাই অন্য দলক সমৰ্থন কৰিছিলো। কিন্তু বুজিলো যে বিটিচিত আমি চৰকাৰত নাথাকি দূৰত থাকিলে আমাৰ সমস্যা সমাধান নহয়। বিটিচিত বিজেপিৰ চৰকাৰ হ'লেহে সকলো সমস্যাৰ সমাধান হব।
মিনন মোছাহাৰীৰ দৰে বিজেপিৰ প্ৰাৰ্থীসকল যেতিয়া কোকৰাঝাৰলৈ ইএম, এমচিএলএ হৈ যাব পাৰিব তেতিয়াহে ৰাইজৰ সমস্যা সমাধান হব। কাইলৈ বিজেপিৰ নিৰ্বাচনী ঘোষণা পত্ৰ মুকলি কৰিম। এইবাৰ আপোনালোকে কেৱল বিটিচিত বিজেপিৰ চৰকাৰ বনাওঁক, তাৰপিছত মামাই যি কৰিব লাগে কৰিম কোনো চিন্তাৰ কাৰণ নাই। ৰাইজৰ কাম ভোট দিয়া আৰু মামাৰ কাম ৰাইজৰ মুৰত টেনচন নোহোৱা কৰা।
আমি বিপিএফ-ইউপিপিএলক সমালোচনা নকৰো। কিন্তু ৰাইজে সকলোকে এবাৰ চালে। ৰিহনকো চালে গোবিন্দকো চালে, এইবাৰ মিননক চাওঁক। চোৱাসকলে কি কৰিলে নকৰিলে আপোনালোকে জানে। নোচোৱাজনক এইবাৰ চাই লওঁক। এবাৰ মিননক ভোট দিয়ক, সকলোৱে লগ হৈ আমি ৰাইজৰ সকলো সমস্যা সমাধান কৰিম। আমি ভিচিডিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰিম যাতে তাত ভাল মানুহ থাকে। ভিচিডিচিত ভাল মানুহ থাকিব লাগে, দালাল থাকিব নালাগে। অসমত যেনেদৰে পৰিবৰ্তন হৈছে, ভৈৰৱকুণ্ডতো হব লাগিব বিটিচিতো হব লাগিব। বিটিচি নিৰ্বাচন শেষ হোৱাৰ দুমাহৰ পিছত বিটিআৰৰ প্ৰতিগৰাকী যোগ্য মহিলাই অৰুণোদয়ৰ সুবিধা লাভ কৰিব, মহিলা উদ্যোমিতা পাব, ৰেচন কাৰ্ডত চাউল, দালি, চেনী নিমখ পাব, টকা নিদিয়াকৈ চাকৰি পাব, নিযুত মইনা ইত্যাদি আচনি পাব। লগতে মূখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰিমেই বুলি মন্তব্য কৰে।
ইফালে সাংবাদিকৰ সন্মুখত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আমিও বিজেপি দলে ভৈৰৱকুণ্ডত মিনন মোছাহাৰীৰ দৰে হাইপ্ৰফাইল প্ৰাৰ্থী দিছো। ৰাইজৰ উৎসাহ দেখি মিনন মোছাহাৰী জিকিব বুলি আশা প্ৰকাশ কৰিছো। আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেনেকৈ মাটিৰ সমস্যা সমাধান কৰিছো, তেনেকৈ এবাৰ বিটিচিত বিজেপিৰ চৰকাৰ আহিলেই সকলোখে লগত লৈ মাটিৰ সমস্যা সমাধান কৰিম।
বিটিচিত আমাৰ চৰকাৰ নাই বাবে সমাধান কৰিব পৰা নাই। আমি বিটিচিৰ সকলো আঞ্চলিক ৰাজনৈতিক দলক একলগ হৈ সকলোৰে সৈতে কাম কৰাৰ আশা কৰিছিলো। কিন্তু পৰিস্থিতি তেনেকুৱা হোৱা নাই। এইবাৰ ৰাইজে বিজেপিক ভোট দিবলৈ মন বান্ধিছে। অসমত আমি যিমান কাম কৰিছো, সিমান কাম বিটিআৰত কৰিলে ইয়াৰ পৰিৱেশ সলনি হৈ যাব। আজিৰ মুখ্যমন্ত্ৰীৰ এই সভাত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰী, ভৈৰৱকুণ্ড সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী মিনন মোছাহাৰীকে প্ৰমূখ্য কৰি বিজেপি দলৰ বহু নেতা-কৰ্মী।