/asomiyapratidin/media/media_files/2026/01/16/ghy-nghy-new-ap-web-11-11-24-new-2-2026-01-16-22-31-09.jpg)
ডিজিটেল ডেস্কঃ কাইলৈ অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী। প্রধানমন্ত্রীৰ অসম ভ্রমণৰ পূৰ্বে ফেচবুক লাইভত বহু কেইটা ঘোষণা মুখ্যমন্ত্রীৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘প্রধানমন্ত্রীৰ সন্মুখত প্রদৰ্শিত হ’ব বাগুৰুম্বা। বড়ো জনগোষ্ঠীৰ বাবে কাইলৈ হ’ব বিশেষ দিন। ২০ হাজাৰ লোকে ষ্টেডিয়ামত উপভোগ কৰিব পাৰিব বাগুৰুম্বা।’’
ইফালে, এলিভেটেড ক’ৰিডৰৰ কথা কওঁতে মুখ্যমন্ত্ৰীগৰাকীক একাংশই উপলুঙা কৰা বুলি উল্লেখ কৰি তেওঁ কয়- মই যি কথা কৈছিলো সকলো আখৰে আখৰে পালন কৰিছো। এই ক’ৰিডৰৰ বাবে জখলাবন্ধাৰ পৰা কলিয়াবৰৰ মাজত যাত্রাৰ সময় কম হ’ব।
আনহাতে, মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- ৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব এই আঁচনিৰ ধন বিতৰণ। লগতে এটি কলি দুটি পাত আঁচনিৰ ২৫ জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ’ব। ডুমডুমাৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব এই আঁচনি। প্রতিখন বাগানতে বিতৰণ কৰা হ’ব এই আঁচনিৰ চেক।
গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মীয়মান দলংখনো ফেব্ৰুৱাৰীৰ ভিতৰতে মুকলি কৰা হ’ব বুলিও ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে ফেব্রুৱাৰীৰ ভিতৰতে বামুণীমৈদাম-গুৱাহাটী ক্লাবৰ উৰণ সেতু মুকলি কৰাৰ চেষ্টা কৰিব বুলি জনাই তেওঁ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us