বিপদ হলেই আগতীয়াকৈ দৰমহা ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে! কিন্তু কেনেকৈ...

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে এটা ভাল খবৰ। এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে নিজৰ দৰমহা আগতীয়াকৈ লব পাৰিব। চৰকাৰী কৰ্মচাৰীয়ে আগতীয়াকৈ দৰমহা ল’ব পৰা এক ব্যৱস্থা কৰা

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে এটা ভাল খবৰ। এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে নিজৰ দৰমহা আগতীয়াকৈ লব পাৰিব। চৰকাৰী কৰ্মচাৰীয়ে আগতীয়াকৈ দৰমহা ল’ব পৰা এক ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। প্রয়োজনত বিপদৰ সময়ত আগতীয়া দৰমহা ল’ব পাৰিব কৰ্মচাৰীয়ে।  

অতি কম সুতত কৰ্মচাৰীসকলে লাভ কৰিব এই ধন। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে,  কৰ্মচাৰীয়ে INSTALMENT হিচাপে দৰমহাটো ঘূৰাই দিব পাৰিব। তাৰ বাবে আগতীয়াকৈ দৰমহা লোৱা কৰ্মচাৰীয়ে ন্যূনতম সুত দিব লাগিব বেংকত। মুখ্যমন্ত্ৰীয়ে কয় যে, যিটো তাৰিখত দৰমহা পাব, তেতিয়া একেলগে টকাখিনি পৰিশোধ কৰিব পাৰিব অথবা এবছৰৰ ভিতৰত কিস্তি কিস্তি কৰিও ঘূৰাই দিব পাৰিব।

দৰমহা পোৱাৰ পাছতে ঘূৰাই দিলে সুতৰ হাৰ কম হ’ব। কিন্তু কিস্তি কিস্তি হিচাপে দিলে সুতৰ হাৰ অলপ বেছি হ’ব। সোমবাৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৩য় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে স্বাগত সতীৰ্থ প’ৰ্টেল ২.০ মুকলি কৰে।  চৰকাৰী বদলি প্ৰক্রিয়াক স্বচ্ছ আৰু প্রণালীবদ্ধ কৰাৰ বাবে এই প’ৰ্টেল মুকলি কৰা হৈছে।  আবেদনৰ সময়ত ৫খন জিলা নিৰ্বাচিত কৰিব পাৰিব।  

আজিৰে পৰা সক্রিয় হৈছে স্বাগত সতীৰ্থ প’ৰ্টেল।  ৩১মাৰ্চৰ পূৰ্বেই সম্পন্ন কৰা হ’ব স্বাগত সতীৰ্থ প’ৰ্টেল ২.০ৰ বদলিৰ কাম। ১ এপ্রিলৰ পৰা নতুন কৰ্মস্থানত দায়িত্ব পালন কৰিব পাৰিব বদলি হোৱা কৰ্মচাৰীয়ে। ১৫দিনৰ ভিতৰত সকলো কৰ্মচাৰীকে আবেদন জনোৱাৰ আহ্বান।  ৭ মাৰ্চৰ পূৰ্বে সকলো বিভাগীয় কাম সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্রীৰ নিৰ্দেশ

ড হিমন্ত বিশ্ব শৰ্মা ড০ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা