/asomiyapratidin/media/media_files/2025/09/19/new-ap-web-cm-2-2025-09-19-16-23-58.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে সামাজিক মাধ্যমত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী গৰাকীয়ে ফেচবুকত লিখিছে-
এয়া অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত…
আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নাই বোলা খবৰটি দিবলৈ মই অপাৰগ, কি সতে শোকাবাৰ্তা দিওঁ! বুকুখন কঁপিছে, জুবিনময় সময়বোৰ এটি এটিকৈ চকুৰ সন্মুখত অগা-ডেৱা কৰিছে৷ প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰা জুবিন বোলা এই সত্তাজনৰ জনতাৰ প্ৰতি দুৰ্বাৰ প্ৰেম আছিল কল্পনাতীত৷ সীমাৰ পৰিধি ভাঙি স্বকীয় ৰূপেৰে উদ্ভাসিত জুবিন গাৰ্গ নামৰ যাদুকৰী কণ্ঠটি এনেদৰে হেৰাই যাব বুলি বিশ্বাস কৰিব পাৰি জানো! হাজাৰ হাজাৰ সৃষ্টিত তুমি আমাৰ মাজত জীয়াই থাকিবা জুবিন৷ য'তেই থাকা কুশলে থাকিবা জুবিন🙏
ইফালে, সন্ধিয়া ৭ বজাত লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীয়ে আহ্বান কৰিছে জৰুৰী বৈঠক৷ বৈঠকত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাসহ বহু কেইজন মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়া উপস্থিত থাকিব।