চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৫
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
মুখ্য-পৃষ্ঠা অসম

"জুবিনৰ আদ্যশ্ৰাদ্ধৰ পূৰ্বে শ্যামকানু, সিদ্ধাৰ্থৰ গ্ৰেপ্তাৰ নিশ্চিত কৰিব লাগিব"

এছআইটিয়ে অভিযুক্ত সকললৈ জাননী জাৰি কৰাৰ পাছত নিশিতা গোস্বামী, অমৃতপ্ৰভা মহন্ত আৰু শেখৰ গোস্বামী চিআইডি কাৰ্যালয়ত উপস্থিত হয় যদিও মুল অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আদি এতিয়ালৈকে চিআইডি কাৰ্যালয়ত উপস্থিত হোৱা নাই

author-image
Asomiya Pratidin
27 Sep 2025 20:45 IST

Follow Us

New Update
web ap cm (2)

ডিজিটেল ডেস্কঃ শ্যামকানু মহন্ত,সিদ্ধাৰ্থ শৰ্মাক মুখ্যমন্ত্ৰীয়ে দিলে অন্তিম সকীয়নি। এছআইটিয়ে অভিযুক্ত সকললৈ জাননী জাৰি কৰাৰ পাছত নিশিতা গোস্বামী, অমৃতপ্ৰভা মহন্ত আৰু শেখৰ গোস্বামী চিআইডি কাৰ্যালয়ত উপস্থিত হয় যদিও মুল অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আদি এতিয়ালৈকে চিআইডি কাৰ্যালয়ত উপস্থিত হোৱা নাই আৰু আৰক্ষীৰ সৈতেও যোগাযোগ কৰা নাই।

আচৰ্যজনক কথা যে, জুবিন গাৰ্গৰ নশ্বৰ দেহ ছিংগাপুৰৰ পৰা দিল্লীলৈ লৈ অহাৰ সময়ত একেখন বিমানতে দিল্লীলৈ আহিছিল সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গৰ পত্নী গৰিমাই সিদ্ধাৰ্থক জুবিনৰ শেষযাত্ৰাই সংগ প্ৰদান কৰাত বাধা নিদিবলৈ ৰাইজৰ লগতে চৰকাৰক কাতৰ আহ্বান জনাইছিল। কিন্তু জুবিনৰ পূৰ্বৰ মেনেজাৰে অন্তেষ্টিক্ৰিয়াত অংশ লৈ পুনৰ দিল্লীলৈ উভতি গল যদিও সিদ্ধাৰ্থ শৰ্মা আজিলৈ অসমলৈ নাহিল।

Capturexcxcxcx

স্বয়ং মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেও এই কথা বিভিন্ন মাধ্যমত স্বীকাৰ কৰিছে যে, আবেগিক সময়ত গৰিমা শইকীয়া গাৰ্গৰ আহ্বানৰ বাবেই দিল্লীত সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰাৰ সুযোগ থকাৰ পাছতো গ্ৰেপ্তাৰ কৰা হোৱা নাছিল। অথচ শেখৰ গোস্বামীয়ে অসমলৈ আহি সমগ্ৰ ঘটনাৰ সবিশেষ সংবাদ মাধ্যমৰ জৰিয়তে বৰ্ণনা কৰাৰ পাছত শুকুৰবাৰে চিআইডিৰ দলে গাড়ীগাঁৱত থকা তেওঁৰ বাসভৱনত কেইবাঘণ্টাজোৰা তালাচী চলাই তেওঁক আটক কৰে আনে। পৰবৰ্তী সময়ত তেওঁক পুনৰ ঘৰলৈ যাবলৈ দিয়া হয়। আজি পুনৰ চিআইডিৰ কাৰ্যালয়ত হাজিৰ হয় অভিযুক্ত শেখৰ জ্যোতি গোস্বামী। 

Capturevvvvvvvvvvvvvvv

ইফালে শ্যামকানু মহন্তৰ বাসভৱন আৰু বাসভৱন সংলগ্ন কাৰ্যালয়ত দুদিন ধৰি তালাচী চলাই বহু সন্দেহজনক সা-সামগ্ৰী জব্দ কৰি তেওঁক তাতক্ষণিকভাৱে আত্মসমৰ্পণৰ নিৰ্দেশ দিয়ে যদিও সাংস্কৃতিক বেপাৰী ৰূপে অভিহিত শ্যামকানুৱে আজি পৰ্যন্ত এই নিৰ্দেশ মানি চলা নাই। বৰং দুবাৰকৈ আবেগিক ফেচবুক লাইভত আহি অসমৰ লক্ষ লক্ষ জনতাৰ ক্ষোভ প্ৰশমনৰ অপচেষ্ঠা চলাই পৰিস্থিতিক উত্তপ্ত কৰি তুলিছে। ইতিমধ্যে এই খবৰো ওলাইছে যে, সময়ে সময়ে আবেগিক পোষ্ট দি মুল বিষয়বস্তুৰ পৰা মানুহৰ দৃষ্টি আতৰাই নি অতি সন্তৰ্পনে বিশেষ লোকৰ সহযোগত উচ্চতম ন্যায়ালয়ৰ পৰা আগতীয়া জামিন লাভৰ দুঃসাহসিক প্ৰচেষ্টা চলাইছে।

আনহাতে, একে পন্থাকে অৱলম্বন কৰি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাইও ফেচবুক পোষ্টৰ জৰিয়তে তেওঁৰ নিৰাপত্তাৰ দায়িত্ব লবলৈহে চৰকাৰক বেআইনীভাৱে আহ্বান জনোৱাৰ সাহস কৰিছে। এনে ঘটনাক্ৰমে অতি স্বাভাৱিকভাৱে অসমৰ লক্ষ লক্ষ জনতাৰ ক্ষোভৰ জুইত ঘিও ধলাৰ দৰে পৰিৱেশৰো সৃষ্টি হৈছে। 

একেদৰে শুকুৰবাৰে সিদ্ধাৰ্থ শৰ্মাৰ বাসভৱনত তালাচী চলোৱাৰ সময়ত ক্ষোভিত জনতা আৰু আৰক্ষীৰ মাজত হোৱা খণ্ডযুদ্ধত কেইবাজনো লোক আহত হোৱাৰ ঘটনা, ভিক্টৰ দাসকে ধৰি কেইবাজনো লোকক আটক কৰা, মুল অভিযুক্তৰ পৰিৱৰ্তে এজাহাৰকাৰীকহে জেৰা কৰা আদি ঘটনাইও ক্ষোভিত জনতাৰ মাজত পৰিস্থিতি উত্তপ্ত কৰি তুলিছে। তেনে প্ৰেক্ষাপটতে আজি মুখ্যমন্ত্ৰী গৰাকীয়ে অভিযুক্তসকলক ৬ অক্টোবৰৰ ভিতৰত আৰক্ষী অথবা ন্যায়ালয়ৰ ওচৰত হাজিৰ হবলৈ ফেতবুক লাইভৰ জৰিয়তে কঠোৰ নিৰ্দশনা দিছে। 

ffdfdfdfdf

কিন্তু মুখ্যমন্ত্ৰীৰ এই ঘোষণাক লৈও ৰাইজ সন্তুষ্ট হ'ব পৰা নাই। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু কাৰণ আজি ৮টা দিন উকলি যোৱাৰ পিছতো উতঘাটন কৰিব নোৱাৰাক লৈ ক্ষোভিত হৈছে ৰাইজ। ইফালে অভিযুক্তসকল উপস্থিত নোহোৱা অথবা আত্মগোপন কৰি থকাৰ পিছতো  ১০ দিন অধিক সময় দিয়াৰ কাৰণ কি বুলিও ৰাইজে চৰকাৰক প্ৰশ্ন কৰিছে। কিয়নো ৰাইজৰ দৃষ্টিত এই কথা অতি ফটফটিয়া যে, নিজৰ ফেচবুক একাউণ্টৰ পৰা লাইভ বা পোষ্ট দি থকা এই দুই বেপাৰীৰ অৱস্থিতি ট্ৰেক কৰি উলিওৱাটো আৰক্ষীৰ বাবে অতি সহজসাধ্য় কাম। 

সেয়ে ৰাইজৰ স্বাভাবিকতে এনে প্ৰশ্ন উঠিছে যে, জুবিনৰ অকাল মৃত্যুৰ এই প্ৰধান খলনায়ক সকলক ন্যায়ালয়ত আগতীয়া জামিন লোৱাৰ বাবে কৌশলপূৰ্ণভাৱে কোনোবাই চৰকাৰ অথবা আৰক্ষীক প্ৰভাৱিত কৰিছে নেকি? ৰাইজে এনে দাবীও কৰিছে যে, জুবিনৰ আদ্যশ্ৰাদ্ধৰ অন্তিম অনুষ্ঠানৰ পূৰ্বেই পৃথিৱীৰ যতেই নাথাকক কিয় সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কেন্দ্ৰীয় তথা আন্তঃজাতিক সংস্থাৰ সহযোগত অসম আৰক্ষীয়ে আটক কৰাটো নিশ্চিত হ'ব লাগে। কিয়নো অধিক সময় পালে আইনৰ সুৰুঙাৰে নিজক সুৰক্ষিত কৰাৰ সুযোগো তেওঁলোকে লাভ কৰাৰ আশংকা আছে। আৰু তেনে হ'বলৈ হ'লে আন্তৰিকতাৰে আগবঢ়া স্বতেও ৰাইজৰ দৃষ্টিত অভিযুক্তক সুৰক্ষা প্ৰদানৰ অভিযোগৰ আঙুলিও স্বয়ং মুখ্যমন্ত্ৰীলৈকে উঠিব। 

জুবিন জুবিন গাৰ্গ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক
শেহতীয়া প্ৰৱন্ধসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!