/asomiyapratidin/media/media_files/2026/01/18/fgfwererer3e-2026-01-18-23-54-19.jpg)
ডিজিটেল ডেস্কঃ বিশ্ব অৰ্থনৈতিক মঞ্চ (World Economic Forum)-ত অসমক প্ৰতিনিধিত্ব কৰিবলৈ ডাভ’ছলৈ ৰাওনা হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যবাসীক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰে।
প্ৰথম সিদ্ধান্ত হিচাপে মুখ্যমন্ত্ৰীয়ে জনাই যে, আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষাৰ উচ্চতম বয়সসীমা ২৫ বছৰৰ পৰা বৃদ্ধি কৰি ২৬ বছৰ কৰা হৈছে। তেওঁ কয়, বহু যুৱ প্ৰাৰ্থীয়ে বয়সসীমা বৃদ্ধিৰ বাবে তেওঁক অনুৰোধ জনাইছিল। চৰকাৰে নিম্নতম বয়সসীমা ১৮ বছৰতে অটুট ৰাখি উচ্চতম বয়সসীমা ২৬ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। লগতে আবেদন দাখিলৰ সময়সীমাও ১৫ দিন বৃদ্ধি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
ইফালে, দ্বিতীয় সিদ্ধান্তত চৰকাৰে ফেব্ৰুৱাৰী মাহৰ পৰা ‘স্বাগত সতীৰ্থ’ প’ৰ্টেল মুকলি কৰিব বুলি ঘোষণা কৰে। এই প’ৰ্টেলৰ জৰিয়তে ADREৰ অধীনত নিযুক্তি পোৱা গ্ৰেড-৩ আৰু গ্ৰেড-৪ কৰ্মচাৰীসহ অন্যান্য ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলে পাৰস্পৰিক বদলীৰ বাবে আবেদন কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, সদ্য নিযুক্ত বহু কৰ্মচাৰীয়ে পাৰস্পৰিক বদলীৰ দাবী জনোৱাত চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে।
আনহাতে, আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে, সদ্য অনুষ্ঠিত ADRE পৰীক্ষাত দিব্যাংগ কোটা অনুসৰি আবেদন কৰা প্ৰাৰ্থীসকলৰ বাবে দ্বিতীয়বাৰ চিকিৎসা পৰীক্ষাৰ সুযোগ প্ৰদান কৰা হ’ব। তেওঁ কয়, বহু দিব্যাংগ প্ৰাৰ্থীয়ে পুনৰ চিকিৎসা পৰীক্ষাৰ দাবী জনাইছিল। অৱশ্যে, যিসকল প্ৰাৰ্থী বাস্তৱতে দিব্যাংগ নহয়, তেওঁলোকক এই কোটা ব্যৱহাৰ নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।
ইফালে, শিক্ষা মন্ত্ৰী ৰণোজ পেগুক অতি সোনকালে ভেঞ্চাৰ স্কুল শিক্ষক নিযুক্তিৰ বাবে প’ৰ্টেল মুকলি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
এই ফেচবুক লাইভৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, তেওঁ ডাভ’ছলৈ ৰাওনা হ’বলৈ সাজু, য’ত তাপমাত্ৰা মাইনাছ ৮ ডিগ্ৰী চেলচিয়াছ। তেওঁ কয়, বিশ্ব অৰ্থনৈতিক মঞ্চত অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰাটো ৰাজ্যখনৰ বাবে এক ডাঙৰ স্বীকৃতি। অসম ৰাজ্যৰ সম্পদ, সংস্কৃতি, পৰ্যটন আৰু বিনিয়োগ সম্ভাৱনা বিশ্বৰ আগশাৰীৰ উদ্যোগপতিৰ সন্মুখত তুলি ধৰাৰ বাবে ৰাজ্যবাসীৰ আশীৰ্বাদ কামনা কৰে মুখ্যমন্ত্ৰীয়ে।
আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শেহতীয়া অসম ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে, প্ৰধানমন্ত্ৰীয়ে অসমক বিশ্ব মঞ্চত এক প্ৰকাৰৰ দূত হিচাপে প্ৰতিনিধিত্ব কৰিছে। বাগুৰুম্বা নৃত্য সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমত দিয়া প’ষ্টসমূহে অসমীয়া সংস্কৃতিক বিশ্বজুৰি চিনাকি কৰাইছে বুলিও তেওঁ উল্লেখ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us